ডিজিটেল ডেস্ক : বেলুচ লিবাৰেশ্যন আৰ্মিয়ে (বি এল এ) পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ বিভিন্ন জিলাত ১৫ এপ্ৰিলৰ পৰা ২৫ এপ্রিললৈ চলোৱা ২৭টা অভিযানৰ দায়িত্ব স্বীকাৰ কৰিছে। বি এল এৰ মুখপাত্ৰ জীয়াণ্ড বেলুচে প্ৰেৰণ কৰা এটা বিবৃতিৰ পৰা বেলুচিস্তান প'ষ্টে এই বাতৰি প্ৰকাশ কৰে।
বিবৃতিত সংগঠনটোৱে কয় যে তেওঁলোকৰ যুঁজাৰুসকলে পাকিস্তানী সেনাক লক্ষ্য কৰি বিভিন্ন জিলাত আই ই ডি বিস্ফোৰণ, সংঘর্ষ, ড্র'ন আক্রমণ কৰিছিল। বিবৃতিটোত দাবী জনোৱা হৈছে যে এই অভিযান কালত পাকিস্তানী সেনাৰ ৪২জন জোৱান নিহত হয় আৰু কেই বাজনো আহত হয়।
সংগঠনটোৱে এজন পাকিস্তানী সেনা জোৱানক আটক কৰা বুলিও দাবী কৰে। বি এল এ-ই আৰু কয় যে তেওঁলোকে অস্ত্র-শস্ত্র জব্দ কৰে আৰু কম সময়ৰ বাবে বিভিন্ন স্থানত পাকিস্তানী সেনাৰ চকী আৰু বিভিন্ন প্রতিষ্ঠানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়ে।