ডিজিটেল ডেস্কঃ এই বছৰৰ পদার্থ বিজ্ঞানৰ নোবেল বঁটা আমেৰিকাৰ তিনিজন বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে। ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমি অব ছায়েন্সেজে কৰা ঘোষণা অনুসৰি আমেৰিকাৰ জন ক্লার্ক, মিছেল এইচ ডেভৰেট আৰু জন এম মার্টিনিছক পদার্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁলোকক ইলেক্ট্রিক ছার্কিটত মেক্র'স্কপিক কোৱান্টাম মেকানিকেল টানেলিং আৰু এনার্জী কোৱান্টাইজেশ্যনৰ আৱিষ্কাৰৰ বাবে নোবেল বঁটাৰে সন্মানিত কৰা হয়।
তেওঁলোকৰ গৱেষণাই কোৱান্টাম কম্পিউটিং আৰু ছুপাৰ কণ্ডাক্টিং ছার্কিটক নতুন মাত্রা দিব। ইয়াত ৰয়েল ছুইডিছ একাডেমি অব্ ছায়েন্সেজে এই কথা ঘোষণা কৰে। আমেৰিকাৰ এই বিজ্ঞানী তিনিজনে ৮০-৯০ৰ দশকত কোৱান্টাম মেকানিকছক ইলেক্ট্রনিক্ৰ সৈতে সংযোজিত কৰে। কোৱান্টাম টানেলিং এনেকুৱা এক প্রক্রিয়া, য'ত কোনো কণাই কোনো বাধাক ভেদ কৰি পাৰ হৈ যায়, যিটোক সাধাৰণ পদার্থ বিজ্ঞানত অসম্ভৱ বুলি কোৱা হয়। উল্লেখযোগ্য যে এটা বলে এখন প্ৰাচীৰত খুন্দা মাৰিলে পুনৰ উভতি আহে, কিন্তু কোৱাণ্টামৰ জগতখনত ক্ষুদ্র ক্ষুদ্র কণাই প্ৰাচীৰ পাৰ হৈ ইটো পাৰলৈ যাব পাৰে। ইয়াক কোৱান্টাম টানেলিং বুলি কোৱা হয়। ৰয়েল ছুইডিছ একাডেমি অব ছায়েন্সেজে কয় যে এই বিজ্ঞানী তিনিজনে 'কোৱান্টাম ইফেক্ট' মানুহৰ ক্ষেত্ৰতো যে দেখা পোৱা যায় সেইটো প্ৰমাণ কৰি দেখুৱালে।
প্রকৃততে সাধাৰণতে পৰমাণু আৰু কণাতে সীমিত হৈ থকা কোৱান্টাম ইফেক্ট বৃহৎ পৰিসৰত পৰে নে নপৰে সেইটো পদার্থ বিজ্ঞানত এটা ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ বিচাৰি জন ক্লার্ক, মিছেল ডেভৰেট আৰু জন মার্টিনিছে ১৯৮৪ আৰু ১৯৮৫ চনত কেলিফর্নিয়া বিশ্ববিদ্যালয়ত এক বিশেষ গৱেষণা কৰিবলৈ লয়। তেওঁলোকে দুটা ছুপাৰ কণ্ডাক্টৰৰ জৰিয়তে এটা ছার্কিট তৈয়াৰ কৰে। এই দুয়োটা ছুপাৰ কণ্ডাক্টৰৰ মাজত এক পাতল তৰপ ৰখা হৈছিল যি বিদ্যুৎ প্ৰৱাহ ৰোধ কৰে। কিন্তু তেওঁলোকে দেখা পায় যে ছার্কিটত থকা সকলো আধানযুক্ত কণা একেলগে মিলি এনেকুৱা ব্যৱহাৰ কৰিছিল যেন তেওঁলোক একেধৰণৰ কণাহে। এই কণাই পাতল তৰপটো অতিক্ৰম কৰি ইফালে-সিফালে যাব পাৰে। ই কোৱান্টাম টানেলিঙৰ প্ৰমাণ। এই গৱেষণাৰ জৰিয়তে বিজ্ঞানীসকলে কোৱান্টাম টানেলিঙক নিয়ন্ত্ৰণ কৰা আৰু ডাঙৰ প্ৰণালীত ই কেনেকৈ কাম কৰে সেই কথা জানিব পাৰে। তেওঁলোকৰ এই আৱিষ্কাৰ কোৱান্টাম কম্পিউটিং আৰু নতুন প্রযুক্তিৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে।
তেওঁলোকৰ এই আৱিষ্কাৰে ভৱিষ্যতে কোৱান্টাম কম্পিউটিং আৰু নতুন প্রযুক্তি কৌশলৰ বিকাশ কৰাত সহায় কৰিব। কোৱান্টাম প্রযুক্তি ছেমি কণ্ডাক্টৰ, কম্পিউটাৰ আৰু মাইক্ৰ' চিপত ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা চিকিৎসা, মহাকাশ আৰু প্ৰতিৰক্ষা প্রযুক্তি কৌশলৰ বিকাশতো সুফল লাভ কৰিব পৰা যাব।