ডিজিটেল ডেস্ক : অসম চুক্তি স্বাক্ষৰ হোৱা ৪০ বছৰ হৈ গ'ল কিন্তু চুক্তিৰ মূল দফাটোকে আজিলৈকে ৰূপায়িত নহ'ল। আজিও বিদেশী সমস্যাৰ সৈতে অসমবাসীয়ে যুঁজি থাকিব লগীয়া হৈছে। আনকি অসম চুক্তিৰ আধাৰত অসমত বর্তমানলৈকে ১,৭২,৬৭৩জন বিদেশীক চিনাক্ত কৰা হৈছে যদিও যোৱা ৩০ জুনলৈকে বহিষ্কাৰ কৰা হৈছে মাত্র ৩১,৭৮৯ জন বিদেশীহে। ইয়াৰে ভিতৰত ২০১১ চনৰ পৰা চলিত বৰ্ষৰ ত্ৰিশ জুনলৈকে বহিষ্কাৰ কৰা বিদেশীৰ সংখ্যা হৈছে ২৩৬৬জন।
ইফালে অসমৰ সৈতে সংলগ্ন হৈ থকা বাংলাদেশ সীমান্তৰ আজিও ৩৮.৯৫৯ কিল'মিটাৰ এলেকা উন্মুক্ত হৈ আছে। কালি বিধানসভাত অসমবাসীৰ বাবে অত্যন্ত হতাশজনক এই তথ্য প্রকাশ কৰিছে ৰাজ্য চৰকাৰে। বিধানসভাত অগপৰ বিধায়ক দীপ্তিময়ী চৌধুৰীৰ এক প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই দিয়া লিখিত উত্তৰত এই তথ্য সদৰী কৰি লগতে কয় যে সম্প্রতি বিদেশী ন্যায়াধিকৰণত ৭৩,৭৫৯ জনৰ গোচৰ চলি আছে।
আনহাতে, যোৱা ৩০ জুনলৈকে ৰাজ্যৰ গোৱালাপাৰা জিলাৰ মাটিয়াত থকা ট্রেনজিট কেম্পত ১৭৪জন চিনাক্ত বিদেশীক ৰখা হৈছে। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰে বিদেশীক বন্দী কৰি ৰখাৰ বাবে স্থাপন কৰা ডিটেনশ্যন কেম্পৰ নামতো বৃহৎ অংকৰ ধন ব্যয় হৈছে। এই কেম্প স্থাপন হোৱাৰ পৰা এতিয়ালৈকে ব্যয় হোৱা ধনৰ পৰিমাণ হৈছে ১,৮৬,১৫,৬৪২ টকা। ইফালে সীমান্তৰ বহু এলেকা আজিও উন্মুক্ত হৈ থকাৰ সন্দৰ্ভত বিধায়িকাগৰাকীয়ে সোধা আন এক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে অসমৰ সৈতে সংলগ্ন হৈ থকা বাংলাদেশ সীমান্তৰ মুঠ ২৬৭.৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ ৩৮.৯৫৯ কিল'মিটাৰ এলেকা উন্মুক্ত হৈয়ে আছে। এই সীমাৰ ২২৮.৫৪১ কিল'মিটাৰ দৈৰ্ঘ্যত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰা হৈছে।
মন্ত্ৰীগৰাকীৰ মতে ৩৪.৬০৯ কিল'মিটাৰ দৈর্ঘ্য নদী অঞ্চল হোৱা বাবে আৰু শ্রীভূমি জিলাৰ কুছিয়াৰা নদীৰ পাৰত ভাৰতীয় মানুহৰ বসতি থকা ৪.৩৫ কিল'মিটাৰ এলেকা বাংলাদেশৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰা দিব পৰা নাই। বিস্তৃত তথ্য মতে, ধুবুৰী জিলাত ৩০.৩৭০ কিল'মিটাৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৪.২৩৯ কিল'মিটাৰ, শ্রীভূমি জিলাত ৪.৩৫ কিল'মিটাৰ এলেকা উন্মুক্ত হৈ আছে। ইফালে মন্ত্ৰী বৰাই সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ জড়িত নহয় বুলি জনাই সমগ্র বিষয়টো কেন্দ্রলৈ ঠেলি দিয়ে ।