দিল্লীত সৰ্বস্ব হেৰুৱালে তিনিচুকীয়াৰ ৩৩জন যুৱকে, এল জি কোম্পানীত চাকৰি দিম বুলি লৈ গৈছিল দালাল চক্রই

dainik janambhumi May 23, 2026

ডিজিটেল ডেস্ক: তিনিচুকীয়া আই টি আইত অৰাজকতা সৃষ্টি কৰা কাৰিকৰী শৈক্ষিক প্রতিষ্ঠানখনৰ কনিষ্ঠ অধ্যক্ষ ৰাজু গোপালে দিল্লীৰ দালালৰ হাতত তুলি দিলে কাৰিকৰী শিক্ষাত উত্তীৰ্ণ হোৱা ৩৩জন নিবনুৱা যুৱকক! সমগ্ৰ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ ৩৩জন যুৱকে ৰাজু গোপালৰ দায়িত্বহীনতাৰ বাবে দিল্লীত দালালৰ হাতত সৰ্বস্ব হেৰুৱাই ঘৰলৈ উভতিবলৈও বিপাঙত পৰিছে। তেনে এক নাভূত-নাশ্রুত ঘটনা সংঘটিত হৈছে তিনিচুকীয়া আই টি আইত। যি সময়ত নিবনুৱা যুৱক-যুৱতীসকলে চাকৰিৰ বাবে হাবাথুৰি খাই ঘূৰি ফুৰিছে তেনে সময়তে কাৰিকৰী শিক্ষা লাভ কৰা তিনিচুকীয়া জিলাৰ ৩৩জন যুৱক দিল্লীৰ এটা দালাল চক্ৰৰ জালত পৰে। 

জানিব পৰা মতে, তিনিচুকীয়া আই টি আইত যোৱা ১১ মে'ত 'এল জি কোম্পানী'ৰ লোকে জিলাখনৰ ৩৩জন কাৰিকৰী শিক্ষাৰ অৰ্হতা থকা যুৱকক বাছনি কৰে। তেওঁলোকক দিল্লীৰ গাজিয়াবাদৰ 'এল জি কোম্পানী' ফেক্টৰীত কাম কৰিব লাগিব বুলি নিযুক্তি-পত্র প্রদান কৰে। মাহে ২৭,৫০০ টকা আৰু তাত থকা খোৱা বিনামূলীয়া হ'ব বুলি জানিবলৈ দিয়ে। সেই মতে তিনিচুকীয়াৰ পৰা ৩৩জন যুৱক কালি দিল্লীত উপস্থিত হয়গৈ। তেওঁলোকক ৰে'ল ষ্টেছনৰ পৰা এখন হোটেললৈ নিয়া হয়। হোটেলত সন্ধিয়া তিনিচুকীয়ালৈ অহা সেইজন লোকে যুৱকসকলৰ পৰা মূল আধাৰ কাৰ্ডখন লোৱাৰ লগতে ইউনিফৰ্ম আৰু জোতাৰ বাবদ প্রত্যেকজনৰ পৰা ৬ হাজাৰ টকাকৈ সংগ্ৰহ কৰে। 

নিশা ১০ বজাত হোটেলৰ পৰা কৰ্মস্থলীলৈ নিয়া হ'ব বুলি কৈ লোকজন ওলায় যায়। যেই ওলাই গ'ল তেওঁৰ দেখা দেখি নোহোৱা হ'ল। নিশা প্রায় ১১ বজাত যুৱকসকলৰ সন্দেহ ওপজাত তেওঁলৈ ফ'ন কৰাত তেওঁৰ ফ'ন অফ পোৱাত তেওঁলোক যে প্রকৃততে দালাল চক্ৰৰ জালত ভৰি দিলে জানিব পাৰে। 

উপায়বিহীন হৈ কালি পুৱা সকলোৱে হোটেল এৰি ঘৰলৈ বুলি আহিবলৈ ৰে'ল ষ্টেছনত উপস্থিত হয়। কিন্তু চাকৰি কৰিবলৈ বুলি ঘৰৰ পৰা ওলায় গৈ দালালৰ হাতত সৰ্বস্ব হেৰুৱাই ঘৰলৈ বুলি আহিবলৈও হাতত টকা নোহোৱা হ'ল। বিপদত পৰি তেওঁলোকে প্রত্যেকেই পৰিয়ালবৰ্গৰ সৈতে যোগাযোগ কৰিছে। লগতে তিনিচুকীয়া আই টি আইৰ কনিষ্ঠ অধ্যক্ষৰ লগত যোগাযোগৰ চেষ্টা কৰিছে। কিন্তু কনিষ্ঠ অধ্যক্ষগৰাকীয়ে কোনো সুদুত্তৰ দিব পৰা নাই। 

উল্লেখযোগ্য যে শদিয়া আৰু কাকপথাৰ (প্রাইভেট আই টি আই) আই টি আইৰ পৰা উত্তীৰ্ণ হোৱা বহু কেইজন যুৱকো গৈছিল। তেওঁলোকে নিজ নিজ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰ লগত যোগাযোগ কৰিছে। তেওঁলোকৰ এই দুদর্শা শুনি হতবাক হোৱা অধ্যক্ষসকলে কাৰি তিনিচুকীয়া আই টি আইত উপস্থিত হৈ প্রকৃত ঘটনাটোৰ বিষয়ে জানিব বিচাৰে। কিন্তু আই টি আইখনলৈ কনিষ্ঠ অধ্যক্ষগৰাকী আজি অহাই নাছিল। তাত থকা ছিনিয়ৰ ছুপাৰভাইজৰজনে জানিবলৈ দিয়ে যে আই টি আই লৈ এল জি কোম্পানীৰ পৰা এটা মেইল আহিছিল যে ১১ মে'ত কোম্পানীৰ লোকে ইণ্টাৰভিউ ল'ব। গতিকে কাৰিকৰী উত্তীর্ণ যুৱকক অৱগত কৰিবৰ বাবে আহ্বান জনাইছিল। সেয়ে কনিষ্ঠ অধ্যক্ষজনে সকলোকে এই বিষয়ে অৱগত কৰে। সেইমতে কাকপথাৰ আৰু শদিয়া আই টি আইৰ অধ্যক্ষসকলেও হোৱাটছএপ গ্রুপত এই নিয়োগ জাননীখন দিছিল। কনিষ্ঠ অধ্যক্ষজনৰ এই দায়িত্বজ্ঞানহীন কাণ্ডত সকলো জাঙুৰ খাই উঠিছে। কাৰণ তেওঁ মেইল অহাৰ পাছতে কিয় পৰীক্ষা নকৰিলে তাক লৈ প্রশ্ন উত্থাপন কৰিছে। প্ৰকৃততে সেয়া এল জি কোম্পানীৰ আছিল নে নাই কিয় মনোযোগ নিদিলে। আনকি আই টি আইখনতে দালাল চক্রটোৱে আহি সাক্ষাৎকাৰ গ্ৰহণ কৰি তালৈ অহা সকলোকে বাছনি কৰি লৈ গ'ল ইমানৰ পাছতো কনিষ্ঠ অধ্যক্ষজনে গমেই নাপালে। এই লৈ দিল্লীত গৈ হাবাথুৰি খোৱা আটাইকেইজন যুৱক ক্ষোভত ফাটি পৰিছে। বহু সপোন লৈ যেনে তেনে যা-যোগাৰ কৰি দিল্লীত গৈ দালালৰ হাতত পৰা বিষয়টোৰ বাবে তেওঁলোকে ৰাজু গোপালকে দোষী সজাইছে। এই ক্ষেত্রত ছিনিয়ৰ ছুপাৰভাইজাৰ অঞ্জন দাসৰো দায়িত্বজ্ঞানহীনতাৰ কথা উত্থাপন কৰিছে। 

আনহাতে, দিল্লীত থকা যুৱকসকলৰ পৰিয়ালবৰ্গই বিমোৰত পৰিছে। কাৰণ দালাল চক্রটোৱে তেওঁলোকক হয়তো আন বিপদতো পেলাব পাৰে। কনিষ্ঠ অধ্যক্ষজনৰ পৰা জানিব বিচৰাত তেওঁ কয় যে এতিয়াহে তেওঁ জানিব পাৰিছে যে সেইটো এটা চাকৰিৰ দালাল চক্র। তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব। লগতে যুৱককেইজনক ঘূৰাই অনাৰ ব্যৱস্থাও কৰিব। কিন্তু জানিব পৰা মতে, কনিষ্ঠ অধ্যক্ষজনে তেওঁলোকক নিজেই যা-যোগাৰ কৰি আহিবলৈহে কৈছে। 

উল্লেখযোগ্য যে দৈনিক জনমভূমিত ধাৰাবাহিকভাৱে তিনিচুকীয়া আই টি আইৰ কনিষ্ঠ অধ্যক্ষজনৰ মইমতালি, অৰাজকতা, শৈক্ষিক প্রতিষ্ঠানখনক ধ্বংস কৰাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাই আহিছে। এইবাৰ তেওঁ দালাল চক্ৰৰ হাতত নিবনুৱা যুৱকসকলক তুলি দিয়াৰ দৰে অবিবেচক কাণ্ড সংঘটিত কৰিছে।

Share This