বিক্ৰীৰ বাবে নামিব ৩৫০ ক্রিকেটাৰ

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : ২৪ ঘণ্টাৰ পাছত আৰম্ভ হ'ব আই পি এলৰ মিনি নিলাম। যোৱাবাৰ ১০টা ফ্রেনচাইজীয়ে মেগা নিলামত দল প্রস্তুত কৰিছিল। গতিকে, এইবাৰ মাত্র খালী স্থান পূৰণৰ পাল। তাৰ পূর্বে অৱশ্যে প্রতিটো দলে ধৰি ৰখা ক্রিকেটাৰৰ তালিকা ঘোষণা কৰিছে। এইবাৰ মঙলবাৰে আবু ঢাবিত অনুষ্ঠিত হ'ব আই পি এলৰ নিলাম। 

প্রতিযোগিতাখনৰ বাবে হ'ব লগীয়া নিলামত ১০টা দলে মুঠ ৭৭গৰাকী ক্রিকেটাৰ ক্ৰয় কৰিব পাৰিব। ৭৭টা স্থানৰ বাবে নিলামত উঠিব ৩৫০গৰাকী ক্রিকেটাৰ। এই ৩৫০ গৰাকী ক্রিকেটাৰৰ ভিতৰত ১৬গৰাকীয়ে ভাৰতীয় দলৰ হৈ খেলি আছে। বিদেশৰ বিভিন্ন জাতীয় দলত খেলা ৯৬গৰাকী ক্রিকেটাৰৰ নাম আছে নিলামত। ইয়াৰ উপৰি, ২২৪গৰাকী ঘৰুৱা ভাৰতীয় ক্রিকেটাৰ আৰু ১৪গৰাকীঘৰুৱা বিদেশী ক্রিকেটাৰকো নিলামৰ বাবে ৰখা হৈছে। এই নিলামত ক্রিকেটাৰসকলৰ নূনতম মূল্যক ৮টা ভাগত ভাগ কৰা হৈছে। সেই অনুসৰি সর্বোচ্চ শ্ৰেণীৰ ক্ৰিকেটাৰসকলৰ ন্যূনতম মূল্য ২ কোটি টকা। এই শিতানত আছে ৪০ গৰাকী ক্রিকেটাৰ। দ্বিতীয় শাখাত নগৰাকী ক্রিকেটাৰ আছে। এই শ্ৰেণীৰ ন্যূনতম মূল্য হৈছে ১ কোটি ৫০ লাখ টকা। তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ক্রিকেটাৰৰ ন্যূনতম মূল্য ক্রমে ১ কোটি ২৫ লাখ, ১ কোটি ৭৫ লাখ, ৫০ লাখ, ৪০ লাখ আৰু ৩০ লাখ টকা। 

ইফালে, আই পি এলৰ ১০টা দলৰ হাতত আছে মুঠ ২৩৭.৫৫ কোটি টকা। ইয়াৰ ভিতৰত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সর্বাধিক ধন আছে। তেওঁলোকে ৬৪.৩০ কোটি টকা লৈ নিলামত নামিব। দ্বিতীয় স্থানত থকা চেন্নাই ছুপাৰ কিংছে ৪৩.৪০ কোটি টকাৰে নিলামত অংশ ল'ব। আনহাতে, কলকাতাই সর্বাধিক ১৩গৰাকী খেলুৱৈ ক্ৰয় কৰিব পাৰিব।

Share This