ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ

dainik janambhumi November 27, 2025

ডিজিটেল ডেস্ক : ছট্টিশগড়ৰ বীজাপুৰ জিলাত বুধবাৰে ৪১ গৰাকী নক্সালবাদীয়ে অস্ত্ৰ সম্বৰণ কৰে। ইয়াৰ ৩২জনৰ মূৰৰ বিনিময়ত ১.১৯ কোটি টকাৰ সামগ্রিক পুৰস্কাৰ আছিল। 

বিষয়াসকলে এই কথা প্রকাশ কৰে। ১২ গৰাকী মহিলাকে ধৰি নক্সালবাদী কেডাৰকেই জনে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰি কয় যে তেওঁলোকে চৰকাৰৰ নতুন আত্মসমর্পণ আৰু পুনর্বাসন নীতিত আকৃষ্ট হৈ এই সিদ্ধান্ত গ্রহণ কৰে। 

পুনর্বাসন নীতি অনুসৰি প্ৰত্যেকজন কেডাৰকে ৫০ হাজাৰ টকাৰ আর্থিক সাহায্য প্রদান কৰা হ'ব। আৰক্ষীৰ মতে, যোৱা ২৩ মাহত ২২০০তকৈও অধিক নক্সালবাদীয়ে ছট্টিশগড়ত আত্মসমর্পণ কৰিছে।

Share This