পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত

Nikimoni Kachari September 22, 2026

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত আক্ৰমণৰ বলি অসমীয়া যুৱক।  শিৱসাগৰৰ চাংমাই গাঁৱৰ অভিজিৎ বৰুৱা নামৰ যুৱকজনক ৰে’লত অচিনাক্ত দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৷

১৬ ছেপ্টেম্বৰত অভিজিৎ বৰুৱাই শিমলুগুৰিৰ পৰা গোৱালৈ যাত্ৰা কৰিছিল৷  ১৯ ছেপ্টেম্বৰত ৰে’লৱে আৰক্ষীয়ে অভিজিৎ বৰুৱা আক্ৰমণৰ বলি হোৱা সন্দৰ্ভত পৰিয়ালক অৱগত কৰে৷

যাত্ৰাপথত মহাৰাষ্ট্ৰৰ এটি স্থানত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ডিঙিত আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ ফলত মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে  অভিজিৎ৷

এতিয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে অভিজিৎ বৰুৱাৰ ওচৰলৈ যাবলৈ আৰ্থিক সংকটত ভুগিছে ৷

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This