ডিজিটেল ডেস্ক: মেট্রিকত ধাৰাবাহিকভাৱে শূন্য ফলাফল লাভ কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিব ৰাজ্য চৰকাৰে। কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে এই কথা প্রকাশ কৰি কয়, 'মেট্ৰিকত শূন্য ফল দেখুওৱা ৰাজ্যৰ ৪৯খন বিদ্যালয়ৰ স্বীকৃতি (এফিলিয়েশ্যন) বাতিল কৰাৰ চিন্তা-চৰ্চা কৰি আছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ০-১০ পৰীক্ষাৰ্থী উত্তীৰ্ণৰ হাৰ থকা চৰকাৰী বিদ্যালয়ৰ সংখ্যা ১০২ খন আৰু বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা ২০৭ খন বুলিও জনায় জৈনে।
উল্লেখযোগ্য যে শূন্য ফল দেখুওৱা তথা অতি কম শিক্ষার্থী উত্তীর্ণ হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক ইতিমধ্যে জিলা আয়ুক্তই বৈঠক অনুষ্ঠিত কৰি কঠোৰ সকীয়নি দিয়া পৰিলক্ষিত হৈছে। আনকি বহুতো বিদ্যালয়ৰ প্রধান শিক্ষকলৈ শ্ব'কজ জাননীও জাৰি কৰা হৈছে। অহা বছৰ যাতে উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে শিক্ষাৰ পৰিৱেশ সংশোধন কৰিবলৈও প্রধান শিক্ষকক নিৰ্দেশ প্রদান কৰিছে জিলা আয়ুক্তসকলে।