ডিজিটেল ডেস্ক : পশ্চিম বংগত ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ (টি এম চি) পৰা শেহতীয়াকৈ নিলম্বন হোৱা এজন নেতাই দাবী কৰিছে যে দলটোৰ ৫০ গৰাকী বিদ্রোহী বিধায়ক একত্রিত হৈছে। টি এম চিৰ পৰা সদ্য নিলম্বিত বিজু নেতা ৰিজু দত্তই মঙলবাৰে কয় যে মমতা বেনাৰ্জীয়ে দলৰ পৰা বহিষ্কাৰ কৰা ৰিতব্ৰত বেনাৰ্জীৰ নেতৃত্বত সোমবাৰে কলকাতাৰ এখন হোটেলত ৫০গৰাকী বিধায়কে আলোচনাত মিলিত হয় আৰু নতুন তৃণমূল কংগ্ৰেছ দল গঠনৰ পোষকতা কৰে আৰু বিধানসভাৰ এই ৫০ গৰাকী বিধায়কে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা গঠন কৰিব।
ৰিজু দত্তই মঙলবাৰে এই কথা প্ৰকাশ কৰাৰ পাছতেই টি এম চিৰ মুৰব্বী মমতা বেনার্জী আৰু তেওঁৰ দলৰ ভৱিষ্যৎ পশ্চিম বংগত সংকটাপূর্ণ হৈ পৰিছে। বিধানসভাৰ নিৰ্বাচনত শেহতীয়াকৈ বিজেপিৰ হাতত ধৰাশায়ী হোৱা মমতা বেনাৰ্জীৰ নেতৃত্বৰ তৃণমূল কংগ্ৰেছৰ ভৱিষ্যতৰ প্রতি গুৰুতৰ ভাবুকিৰ আশংকা ঘনীভূত হৈছে। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচনৰ বাবে চলি থকা 'স্বাক্ষৰ অভিযান'ৰ বিতৰ্কক লৈ ৰাজ্যখনত চি আই ডিৰ অনুসন্ধান পর্যন্ত আৰম্ভহৈছে। টি এম চিৰ বহিষ্কৃত নেতা ৰিজু দত্তই সংবাদ মাধ্যম এ এন আইক কয় যে তৃণমূলৰ পৰা দুই বহিষ্কৃত বিধায়ক বিব্রত বেনাৰ্জী আৰু সন্দীপন সাহাই এই স্বাক্ষৰ অভিযানক ভুৱা বুলি মন্তব্য কৰিছে আৰু বিধায়কসকলৰ চহী জাল কৰি বিধানসভাত দাখিল কৰিছে বুলিও অভিযোগ কৰিছিল।
ৰিজু দত্তই কয় যে পশ্চিম বংগত 'মহাৰাষ্ট্ৰ মডেল' স্থাপন কৰিছে বিদ্রোহী বিধায়কে আৰু ৫০ গৰাকী বিধায়ক একত্ৰিত হৈ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা গঠন কৰিব। দত্তই দাবী কৰে যে তেওঁলোকহে প্রকৃত তৃণমূল কংগ্ৰেছ। বিব্রত বেনার্জী বিধানসভাত বিৰোধী দলপতি হ'ব, সোভনদের চেটার্জী নহয়। উল্লেখযোগ্য যে ২০২২ চনত মহাৰাষ্ট্ৰত বিৰোধী শির সেনা দুভাগত বিভক্ত হোৱা বিষয়টো উল্লেখ কৰে দত্তই।