ডিজিটেল ডেস্ক: বাংলাদেশত মৌলবাদী সংগঠন ইনকিলাব মঞ্চৰ নেতা উছমান হাদীক হত্যা কৰাৰ পাছত সমগ্র দেশখনতে ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটে। উন্মত্ত হৈ পৰা প্ৰতিবাদকাৰীৰ আক্ৰমণৰ পৰা সাৰি নগ'ল সাংবাদিক তথা সংবাদ প্রতিষ্ঠানো। বৃহস্পতিবাৰে নিশা হাদীৰ মৃত্যু হোৱা বুলি কৰা ঘোষণাৰ পাছতে প্রতিবাদকাৰীয়ে দেশখনৰ আগশাৰীৰ বাতৰি প্ৰতিষ্ঠান প্রথম আলো আৰু ডেইলী ষ্টাৰৰ কাৰ্যালয়ত আক্ৰমণ কৰি অগ্নিসংযোগ কৰে।
প্ৰতিবাদকাৰীয়ে দেশখনৰ সৰ্ববৃহৎ বাতৰি প্ৰতিষ্ঠান প্রথম আলোৰ কাৰ্যালয় জ্বলাই দিয়ে। ফলত প্রায় ২৫জন সাংবাদিক তিনি ঘণ্টা ধৰি নিউজ ৰূমত আবদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীয়ে দুয়োটা প্রতিষ্ঠানত ব্যাপক হাৰত ধ্বংসলীলা চলায়। প্রতিবাদকাৰীয়ে মাজ নিশা ইংৰাজী বাতৰিকাকত ডেইলী ষ্টাৰৰ কাৰ্যালয়ত আক্ৰমণ কৰি ধ্বংসলীলা চলোৱাৰ লগতে অগ্নিসংযোগ কৰে। সেই সময়ত বাতৰি কাকতখনৰ কাৰ্যালয়ৰ ছাদত প্রায় ২৮জন সাংবাদিক তিনি ঘণ্টা আবদ্ধ হৈ পৰে। সাংবাদিকসকলে মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহাৰ অভিজ্ঞতা লাভ কৰে। বাতৰিকাকতখনৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
দুয়োটা কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ পাছত কালি বাতৰিকাকত দুখনৰ প্ৰকাশ বন্ধ ৰখা হৈছে। কাৰৱান বজাৰত থকা কাৰ্যালয়ত এই আক্রমণ কৰাৰ পাছত কাষতে থকা প্ৰথম আলোৰ কাৰ্যালয়ত আক্ৰমণ কৰা হয়। এজন সাংবাদিকে জনোৱা মতে বাহিৰৰ পৰা অহা এটা ফ'ন কলত এই বুলি সতৰ্ক কৰি দিয়া হৈছিল যে উন্মত্ত জনতাৰ এটা দল ডেইলী ষ্টাৰৰ কাৰ্যালয়ৰ দিশে ৰাওনা হৈছে। সেই সময়ত অট্টালিকাটোৰ নৱম মহলাত থকা নিউজ ৰূমত উপস্থিত থকা সাংবাদিকসকলে তললৈ নামি যোৱাৰ চেষ্টা কৰে। কিন্তু ইতিমধ্যে উন্মত্ত জনতাৰ দলটো কাৰ্যালয়ত উপস্থিত হয় আৰু হিংসাত্মক কার্যত লিপ্ত হয়। ইয়াৰ পাছত অগ্নিসংযোগ কৰে।
প্ৰতিবাদকাৰীয়ে অট্টালিকাটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰাৰ পাছত সাংবাদিকসকল তাতে আবদ্ধ হৈ পৰে। পাছত সাংবাদিকসকল নৱম মহলাৰ ছাদলৈ গুচি যায়। কিছু সময়ৰ পাছত অট্টালিকাটোৰ জুই নুমুওৱাৰ বাবে ব্যৱহাৰ কৰা জৰুৰী ছিৰিয়েদি তেওঁলোকৰ একাংশ তললৈ নামি আহে। কিন্তু তেওঁলোক তললৈ নামি অহাৰ লগে লগে উন্মত্ত জনতাৰ দলৰ আক্ৰমণৰ সন্মুখীন হয়। পাছত অগ্নিনির্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণ কৰে আৰু ছাদত আবদ্ধ হৈ থকা সাংবাদিকক নমাই অনাৰ চেষ্টা কৰে, কিন্তু তেওঁলোক তললৈ আহিবলৈ অস্বীকাৰ কৰে। পাছত এডিটৰ্ছ কাউন্সিলৰ অধ্যক্ষ তথা নিউ এজৰ সম্পাদক নুৰুল কবীৰ আৰু ফটোগ্ৰাফাৰ শ্বাহিদুল আলমে প্রতিবাদকাৰীক শান্ত কৰাৰ চেষ্টা কৰে যদিও তেওঁলোককো আক্ৰমণ কৰা হয়। পাছত সেনা বাহিনী তাত উপস্থিত হৈ সাংবাদিকসকলক এজন এজনকৈ তললৈ নমাই আনে আৰু পিছ ফালৰ দুৱাৰেৰে তাৰ পৰা উলিয়াই নিয়ে।