ডিজিটেল ডেস্ক: মনাংক পেটেল, সৌৰভ নেত্ৰভালকাৰ আৰু যশপ্রীত সিঙৰ ভাৰতীয় জাৰ্ছীৰে খেলাৰ সপোন আছিল। সেই সপোন বাস্তৱ নহ'ল। সেইবাবেই খেল এৰি নিদিলে। তেওঁলোকে আন দেশৰ হৈ খেলিব এইবাৰৰ টি-২০ বিশ্ব কাপত।
আসন্ন বিশ্ব কাপত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ সমাহাৰ ঘটিব। মুঠ ৪০ গৰাকী ভাৰতীয় মূলৰ খেলুৱৈয়ে আন ৯টা দলৰ হৈ প্রতিযোগিতাখনত অৱতীৰ্ণ হ'ব। ভাৰতীয় দলৰ ১৫গৰাকী খেলুৱৈক অন্তর্ভুক্ত কৰিলে সেই সংখ্যা হ'বগৈ ৫৫ গৰাকী। তালিকাৰ শীৰ্ষত আছে কানাডা। তেওঁলোকৰ ১৫জনীয়া দলৰ ১১গৰাকীয়েই হ'ল ভাৰতীয় মূলৰ। দ্বিতীয় স্থানত থকা আমেৰিকাৰ দলত আছে ৯গৰাকী ভাৰতীয় বংশোদ্ভৱ ক্রিকেটাৰ।
ওমান আৰু সংযুক্ত আৰব আমিৰ শ্বাহীত ভাৰতীয় মূলৰ ৭ গৰাকীকৈ খেলুৱৈ আছে। ইয়াৰ উপৰি, নিউজিলেণ্ডত দুগৰাকী আৰু দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ, ইটালি আৰু নেদাৰলেণ্ডৰ দলত আছে এগৰাকীকৈ ভাৰতীয় মূলৰ ক্ৰিকেটাৰ। ইয়াৰে তিনিগৰাকী তিনিটা দলৰ অধিনায়ক। অর্থাৎ ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বাহিৰেও এইবাৰ বিশ্ব কাপত আন ৩গৰাকী ভাৰতীয় অধিনায়ক হিচাপে থাকিব।
এইবাৰৰ বিশ্ব কাপত গ্রুপ পৰ্যায়ত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব আমেৰিকাই। সেই দলৰ অধিনায়ক মনাংকই গুজৰাটৰ হৈ ১৯ বছৰ অনূর্ধ্ব ক্রিকেট খেলিছিল। কিন্তু তাৰ পাছত ভাৰতৰ হৈ খেলাৰ সুযোগ নাপাই আমেৰিকাৰ হৈ খেলিবলৈ আৰম্ভ কৰে। ইফালে, যশপ্ৰীত, মনাংক আৰু নেত্ৰভালকাৰৰ সপোন ভাল খেলি ভাৰতৰ মাটিত দৃষ্টি আকৰ্ষণ কৰা।