চূড়ান্ত ভোটাৰ তালিকাত ৰাজ্যখনৰ মুঠ ভোেটাৰ হ'ল ৭.০৪ কোটি, এছ আই আৰত পশ্চিম বংগত কর্তন ৬৫ লাখ ভোটাৰৰ নাম

dainik janambhumi March 01, 2026

ডিজিটেল ডেস্ক: নির্বাচন আয়োগে পশ্চিম বংগত চলোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়াৰ পাছত শনিবাৰে ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে। এই চূড়ান্ত ভোটাৰ তালিকাত ৬৫ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হয়। 

পশ্চিম বংগৰ মুখ্য নির্বাচন বিষয়া মনোজ কুমাৰ আগৰৱালে সংবাদমেল যোগে কয় যে ৰাজ্যখনত এতিয়া মুঠ ভোটাৰৰ সংখ্যা ৭.০৪ কোটি হ'ল। মুখ্য নির্বাচন বিষয়াজনে কয় যে পশ্চিম বংগত ৬০ লাখ ভোটাৰৰ নাম বিচাৰাধীন শ্ৰেণীত আছে। 

অৱশ্যে, এছ আই আৰৰ প্ৰক্ৰিয়াৰ পাছত প্রস্তুত হোৱা ভোটাৰ তালিকাত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে। তেওঁ কয় যে ৰাজ্যখনত এছ আই আৰ প্ৰক্ৰিয়াত শুনানিৰ পাছত খচৰা ভোটাৰ তালিকাৰ পৰা ৫৮ লাখ নাম আঁতৰি গৈছে। মৃত্যু হোৱা, প্ৰব্ৰজন হোৱা, নকল ভোটাৰ তালিকা, অস্তিত্ব নথকাৰ বাবে এই নামবোৰ কৰ্তন কৰা হৈছে। এছ আই আৰৰ পূৰ্বে ৰাজ্যখনত ভোটাৰৰ সংখ্যা আছিল ৭.৬৬ কোটি।

Share This