ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ কামনাৰে যোৱা ছমাহ ধৰি অনশন কৰি আহিছে যোৰহাটৰ এজন ব্যক্তিয়ে। উত্তৰ-পশ্চিম যোৰহাটৰ মালৌপথাৰৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গংগো চেত্ৰী নামৰ ব্যক্তিজনে যোৱা ২০ জুলাইৰ পৰা নিজা গৃহতে অনশন কৰি ভগৱানক প্রার্থনা জনাই আহিছে যে ড° শৰ্মা পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হওক।
তেওঁ জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রী নোহোৱাপর্যন্ত তেওঁ এই অনশন কৰি যাব। জানিব পৰা মতে, গংগো চেত্রীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটোৰ সন্মুখত ধূপ-ধূনা জ্বলাই পূজা-অর্চনা কৰি আহিছে। ছমাহ ধৰি অনশন কৰি থকাৰ সম্পৰ্কত তেওঁ কয় যে ভগৱানে যাতে মুখ্যমন্ত্ৰীগৰাকীক শক্তি দিয়ে, সেয়ে এই কার্য কৰি আহিছে। অসমখনক উন্নতি কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই যিধৰণে ভাবিছে, সেইধৰণে মনৰ আশা পূৰণ কৰক। সেইকাৰণে ভগৱানে যাতে তেওঁৰ সুমংগল কৰি অপায়-অমংগল নাশ কৰে। তেওঁ গাখীৰ, আপেল, মণ্ড, বুট আদি যোৱা ছমাহ ধৰি খাই অনশন কৰি আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকী পুনৰ মুখ্যমন্ত্রী নোহোৱা পর্যন্ত অনশন কৰি ভগৱানৰ আশিস কামনা কৰি যাব বুলি সদৰী কৰে।
তেওঁ কয় যে অসমখনৰ সকলো শ্ৰেণী লোকৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীজনে কাম কৰিছে। বিশেষকৈ অসমৰ সত্ৰৰ মাটি বেদখলমুক্ত কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়িল। অসমৰ ইতিহাসত এনে কাম কৰিবলৈ সাহস কৰা ব্যক্তি নাই বুলি তেওঁ জানিবলৈ দিয়ে।