দিল্লীত ৬৬০টা অপৰাধীক গ্ৰেপ্তাৰ, ৰাষ্ট্ৰীয় ৰাজধানীত 'অপাৰেশ্যন আঘাত'

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক : বিভিন্ন অপৰাধমূলক কাম-কাজত জড়িত দুষ্ট চক্ৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নৱবৰ্ষৰ প্রাক্ষণত শনিবাৰে বৃহৎ অভিযান চলায়। আৰক্ষীয়ে চলোৱা অভিযানত ৬৬০টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়। দক্ষিণ আৰু দক্ষিণ-পূব দিল্লীত চলোৱা এই অভিযানৰ সময়ত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্র, অবৈধভাৱে জমা ৰখা ধন, অবৈধ সুৰা, ড্রাগছ আৰু বহু চুৰি সামগ্ৰী জব্দ কৰে। 

দিল্লী আৰক্ষীয়ে 'অপাৰেশ্যন আঘাত ৩.০' নামেৰে আৰম্ভ কৰা এই অভিযানৰ মূল লক্ষ্য হৈছে উৎসৱৰ সময়ছোৱাত অপৰাধ নিয়ন্ত্ৰণ কৰা। দক্ষিণ আৰু দক্ষিণ পূব দিল্লী আৰক্ষীৰ যুটীয়া অভিযানত সন্দেহযুক্ত দুষ্কৃতিকাৰী চক্ৰক আৰক্ষীয়ে নিজৰ জিম্মাত লয়। আৰক্ষীয়ে অস্ত্র আইন, আবকাৰী আই ন আদি বিভিন্ন আইনৰ অধীনত সন্দেহযুক্ত অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰে। 

এই অভিযান কালত আৰক্ষীয়ে প্রায় ২,৮০০ লোকক সোধা-পোছা কৰে। এই সময়ছোৱাত আৰক্ষীয়ে ৬৬০জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৮৫০জন লোকক আটক কৰে। অপৰাধমুক্তভাৱে নৱবৰ্ষ উদ্যাপনৰ বাবেই আৰক্ষীয়ে এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। অভিযান কালত আৰক্ষীয়ে ২৪টা দেশীয়ভাৱে নির্মিত পিষ্টল, ৪৪খন ছুৰী, ২২,৫০০টা অবৈধ সুৰাৰ বটলৰ লগতে ১০ কিল'গ্রাম গাঞ্জা জব্দ কৰে।

Share This