ডিজিটেল ডেস্ক: দীঘলীয়া শুনানিৰ পাছত কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে আদালতে চার্জফ্রেম (গোচৰৰ ধাৰা আৰোপ) কৰে। ফাষ্টট্রেক আদালতৰ ন্যায়াধীশ শর্মিলা ভূঞাই অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত চাৰ্জফ্ৰেম কৰা হৈছে, সেয়া ঘোষণা কৰে।
উল্লেখযোগ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰাৰ গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধেই ফাষ্টট্রেক আদালতে কি ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব সেয়া কালি নিৰূপণ কৰি সকলোৰে বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ কৰে। আনহাতে ৭ জনৰ মাজৰে ৬ জনৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ ধাৰা আৰোপ কৰা হয়। আনহাতে অহা ৮ জুনৰ পৰা আদালতত দৈনিক সাক্ষ্য গ্রহণ আৰম্ভ কৰাৰ দিন ধাৰ্য কৰা হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩(৬), ৩ (৭), ৩ (৮), ৬১(২), ১০৩(১), ৬১(২), ৩১৬ (৫) ধাৰা, অন্যতম মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩ (৮), ৬১(২), ১০৩ (১), ৩০৮ (২), ৩১৮(৪), ২৩৮ ধাৰা, অন্যতম মুখ্য অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩(৮), ৬১(২), ১০৩(১), ৩১৬ (৫) ধাৰা আৰোপ কৰা হৈছে। অর্থাৎ তেওঁলোকক এই ধাৰাসমূহৰ অধীনত অভিযুক্ত কৰা হৈছে।
ইফালে প্রয়াত জুবিন গাৰ্গৰ সহশিল্পী তথা তেওঁৰ হত্যাকাণ্ডৰ অন্যতম মুখ্য অভিযুক্ত অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩(৮), ৬১(২), ১০৩ (১), ২৩৮ ধাৰা, শিল্পী জুবিন গাৰ্গৰ ভাতৃ তথা আৰক্ষী বিষয়া তথা অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ ধাৰা, জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৬১(২), ৩১৬(৫) ধাৰা, আনজন দেহৰক্ষী পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১ (২), ৩১৬ (৫) ধাৰা আৰোপ কৰা হৈছে।
উল্লেখযোগ্য যে সকলো অভিযুক্তৰ বিৰুদ্ধে এছ আই টিয়ে অভিযোগনামাত আৰোপ কৰাৰ দৰেই হত্যা, ষড়যন্ত্ৰৰ লগতে আন কেইবাটাও ধাৰা ফাষ্টট্রেক আদালতে আৰোপ কৰে। ইফালে অভিযুক্তসকলক আদালতে দোষ স্বীকাৰ কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সকলো অভিযুক্তই দোষ অস্বীকাৰ কৰি বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ'বলৈ প্রস্তুত বুলি প্রকাশ কৰে।
অভিযুক্তসকলৰ বিৰুদ্ধে আদালতে চার্জফ্ৰেম কৰাৰ পাছতে এই সন্দর্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয় যে 'আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম কৰে। অহা ৮ জুনৰ পৰা সাক্ষীসকলৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধার্য কৰা হৈছে। ৮ জুনৰ পৰা আদালতত অভিযুক্তসকলৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আদালতে সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াৰ বাবে সাক্ষীৰ তালিকা আদালতত জমা দিবলৈ চৰকাৰী অধিবক্তা পক্ষক নির্দেশ প্রদান কৰে।' তেওঁ আৰু কয়, 'ভাৰতীয় ন্যায় সংহিতাৰ ৩৬, ৩৭, ৩৮ ধাৰাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলিব।
৭ অভিযুক্তৰ ৬ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ ধাৰা আৰোপ কৰা হৈছে। অৱশ্যে সন্দীপন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নাই। আনহাতে তদন্তকাৰী আৰক্ষীয়ে অভিযোগনামাত দিয়া ধাৰা অনুসৰিয়েই কালি আদালতে চার্জফ্ৰেম কৰে। অৰ্থাৎ আৰক্ষীৰ তদন্তত আদালত সন্তুষ্ট হোৱা কাৰণে আদালতে সেইমতে চাৰ্জফ্ৰেম কৰিবলৈ নির্দেশ দিছে। ইফালে ২৯ মে'ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ জামিন আৱেদনৰ ৰায় দিয়াৰ সম্ভাৱনা আছে।' শুনানিৰ পাছত সংবাদ মাধ্যমৰ সন্মুখীন হৈ গৰিমা শইকীয়া গার্গে কয়, 'আদালতৰ ওপৰত যিদৰে আস্থা ৰাখিছিলোঁ, আজি তেনেদৰে ৰায়দান পাইছোঁ। ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছোঁ, আমি ন্যায় পামেই। ভগৱান সদায় সত্যৰ পথত। সুদক্ষ চৰকাৰী অধিবক্তাই ভালভাৱেই যুঁজ দিছে আদালতত। যিসকল দোষী তেওঁলোকৰ শাস্তি হ'বই, আমি ন্যায় পামেই। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো বিচাৰিছোঁ। ৮ জুনৰ পৰা সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, যিহেতু ৩৯৪ জন সাক্ষী আছে, সেয়ে বিচাৰ প্ৰক্ৰিয়াও দীঘলীয়া হ'ব। কিন্তু আমি ধৈৰ্যৰে বাট চাম।'
উল্লেখযোগ্য যে, জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা বৰ্তমান বাক্সা কাৰাগাৰত আৰু আন দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত বর্তমান হাফলং উপ-কাৰাগাৰত বন্দী হৈ আছে। ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ পাছতে শিল্পীজনৰ পত্নী গৰিমা শইকীয়া গার্গে সামাজিক মাধ্যমযোগে এক বিশেষ প'ষ্ট আপল'ড কৰিছে। তেওঁ কয় যে, 'ন্যায়ৰ যুদ্ধখনত সত্যৰে জয় হ'ব। প্রতিজন অসমীয়াৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ আছে আমাৰ প্ৰাণৰ মানুহজনৰ বাবে। আমাৰ আস্থা সদায় অক্ষুণ্ণ আছে আমাৰ দক্ষ আৰু সাহসী যুঁজাৰু অধিবক্তাসকল, দেশৰ ন্যায় ব্যৱস্থা, আইনী প্ৰক্ৰিয়াৰ ওপৰত। জুবিন গাৰ্গৰ ন্যায় আৰু বিজয় মানে সমগ্র অসমীয়া সত্তাৰ বিজয়।'