ডিজিটেল ডেস্ক : ইজৰাইলৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে দেশখনৰ সেনাৰ প্ৰাক্তন মুৰব্বী গাডি আইজেনকোট। দেশখনৰ সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত কোনো এটা মিত্রগোষ্ঠীয়েই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ'ল। তাৰ পাছতেই দেশখনৰ বিদায়ী প্রধানমন্ত্রী তথা লিকুদ পাৰ্টিৰ নেতা বেঞ্জামিন নেটান্যাহুৱে বিৰোধী মিত্ৰগোষ্ঠীৰ নেতা আইজেনকোটক প্রধানমন্ত্রী পদৰ বাবে সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।
ইতিমধ্যে আইজেনকোটলৈ প্রধানমন্ত্রী পদৰ প্ৰস্তাৱ আগবঢ়োৱাৰ তথ্য পোৱা গৈছে। তদুপৰি, দেশখনৰ হাৰেদি সম্প্ৰদায়ৰ লোকসকলক বাধ্যতামূলক সামৰিক সেৱাৰ পৰা ৰেহাই দিয়াৰো প্ৰস্তাৱ আগবঢ়াইছে নেটান্যাহুৱে। বিদায়ী প্রধানমন্ত্রী নেটান্যাহুৰ দলে প্ৰস্তাৱ আগবঢ়াইছে যে যদি হাৰেদি সম্প্রদায়ক বাধ্যতামূলক সামৰিক সেৱাৰ পৰা ৰেহাই দিয়ে তেন্তে দলটোৱে আইজেনকোট নেতৃত্বাধীন চৰকাৰলৈ বাহিৰৰ পৰা সমর্থন আগবঢ়াব।
উল্লেখযোগ্য যে ইজৰাইলৰ নাগৰিকৰ বাবে সামৰিক সেৱা আগবঢ়োৱাটো বাধ্যতামূলক। কিন্তু হাৰেদি সম্প্ৰদায়ৰ শিক্ষার্থীসকলে পৰম্পৰাগতভাৱে ইয়াৰ পৰা ৰেহাই পাই আহিছিল। কিন্তু আই জেনকোটে এই ৰেহাইৰ বিৰোধিতা কৰি আহিছে। দেশখনত কোনো এটা মিত্রগোষ্ঠীয়ে ৬১খন আসনৰ 'মেজিক নাম্বাৰ' লাভ নকৰিলে।