ডিজিটেল ডেস্ক: অসমত পুনৰ এগৰাকী নাবালিকাক প্ৰলোভিত কৰি লৈ যোৱাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লামডিঙত।
মাত্ৰ ১৩ বছৰীয়া এগৰাকী হিন্দু নাবালিকাক প্ৰলোভিত কৰি উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে। অৱশ্যে সময় থাকোঁতেই স্থানীয় ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে বিষয়টো অৱগত হৈ ৰে’লৱে ষ্টেচনৰ সন্মুখত যুৱকজনক আটক কৰে।
আটকাধীন যুৱকজনৰ নাম তাশকিন আখটাৰ বুলি জানিব পৰা গৈছে। তেওঁ উত্তৰ প্ৰদেশৰ নয়ডাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, নাবালিকাগৰাকীক লগত লৈ উত্তৰ প্ৰদেশলৈ যোৱাৰ চেষ্টা কৰিছিল যুৱকজনে। কিন্তু ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বেই বিষয়টো স্থানীয় লোকৰ নজৰলৈ আহে। ইয়াৰ পিছতে স্থানীয় ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে ৰে’লৱে ষ্টেচনৰ সন্মুখত যুৱকজনক আটক কৰি আৰক্ষীক খবৰ দিয়ে।
ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক জিম্মাত লৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল