ডিজিটেল ডেস্ক : ইন্ধনৰ ব্যৱহাৰ কম কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনোৱা অহ্বানৰ প্ৰতি সঁহাৰি জনাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শুকুৰবাৰে ৭০গৰাকীতকৈ অধিক ন্যায়াধীশ আৰু ন্যায়িক বিষয়াই উচ্চ ন্যায়ালয়লৈ এসপ্তাহত এবাৰ চাইকেলেৰে যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।
ইন্ধনৰ বৰ্ধিত সংকট আৰু পাৰিপাৰ্শ্বিক সুৰক্ষাৰ বিষয়ত জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ ন্যায়াধীশসকলে এই সিদ্ধান্ত লয়। ন্যায় পালিকাৰ এই পদক্ষেপক লক্ষ্ণৌ মহানগৰবাসীয়ে ভূয়সী প্রশংসা কৰে। সকলো ন্যায়াধীশ আৰু ন্যায়িক বিষয়াই কালি পুৱা লক্ষ্ণৌৰ ডালিবাঘৰ সত্ৰগৃহত সমবেত হয় আৰু চাইকেলেৰে সমদল কৰি লক্ষ্ণৌ উচ্চ ন্যায়ালয়লৈ যাত্ৰা কৰে।
ন্যায়াধীশ ৰাজেশ সিং চৌহানে এই বিশেষ অভিযানৰ নেতৃত্ব দিয়ে। এই বিষয়ত ন্যায়াধীশ চৌহানে কয় যে এই বিশেষ অভিযান মাত্র এদিনৰ বাবে প্রতীকধর্মী পদক্ষেপ নহয়, এই চাইকেলেৰে যাত্রা অভিযান চলি থাকিব।