ডিজিটেল ডেস্ক : তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ নির্দেশত এটা ৮০০ বছৰ পুৰণি শিৱ মন্দিৰ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৱাৰংগল জিলাৰ খানাপুৰ মণ্ডলৰ অশোক নগৰত অৱস্থিত মন্দিৰটো কাকতীয়া বংশৰ ৰাজত্বৰ সময়তে প্রতিষ্ঠা হৈছিল। এখন চৰকাৰী স্কুল স্থাপনৰ বাবেই প্রশাসনে বুলড'জাৰ লগাই শ শ বছৰ পুৰণি মন্দিৰটো ভাঙি পেলায়।
মন্দিৰটো ভাঙি পেলোৱাক কেন্দ্ৰ কৰি হিন্দু লোকসকলৰ উপৰি ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলেও চৰকাৰক সমালোচনা কৰিছে। মন্দিৰটো ভাঙি পেলোৱাক কেন্দ্ৰ কৰি ৰাজ্য প্ৰসাসনৰ বিৰুদ্ধে নেশ্যনেল মনুমেন্ট অথ'ৰিটীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে ৰাজ্যখনৰ অধিবক্তা ৰামা ৰাৱে।
ইফালে, কেন্দ্রীয় সাংস্কৃতিক আৰু পুৰাতত্ত্ব ম্যালয়েও বিষয়টো সন্দৰ্ভত গোচৰ তৰিছে। যিজন বিষয়াই মন্দিৰটো ভঙাৰ নিৰ্দেশ দিছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।