ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতিত মধ্যস্থতাকাৰীৰ ভূমিকা ল'ব ৰাছিয়াই। ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বুধবাৰে টেলিফ'ন যোগে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ লগত কথা পাতে।
প্রায় ৯০ মিনিটজোৰা এই বাৰ্তালাপত ইৰান-আমেৰিকা যুদ্ধ, মধ্য প্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতি, ৰাছিয়া-ইউক্রেইন যুদ্ধ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হয়। পুটিনে ইৰানৰে যুদ্ধ -বিৰতি বৃদ্ধি কৰাৰ ড'নাল্ড ট্রাম্পৰ সিদ্ধান্তক ভাল পদক্ষেপ হিচাপে উল্লেখ কৰি কয় যে এই পদক্ষেপে আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিব আৰু লগতে মধ্য প্রাচ্যৰ পৰিস্থিতি সুস্থিৰ হোৱাত সহায় কৰিব। ক্রেমলিনৰ জ্যেষ্ঠ বিষয়া য়ুৰী উশাকোভে দুই শীর্ষ নেতাৰ টেলিফ'নিক বার্তালাপৰ সন্দৰ্ভত কয় যে ৰুছ ৰাষ্ট্ৰপতি পুটিনে ইৰানত পুনৰ আক্ৰমণ নকৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পক আহ্বান জনায়।
পুটিনে কয় যে আমেৰিকা আৰু ইজৰাইলে ইৰানত পুনৰ আক্ৰমণ আৰম্ভকৰিলে কেৱল ইৰান বা ইয়াৰ চুবুৰীয়া দেশসমূহতে নহয় সমগ্র বিশ্বতে শোচনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। এই যুদ্ধৰ ক্ষতিয়ে বিশ্বকো কোবাই যাব বুলি উল্লেখ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে যুদ্ধ-বিৰতিত গুৰুত্ব প্রদান কৰে। তেওঁ কয় যে মধ্য প্রাচ্যৰ যুদ্ধখন বন্ধ কৰিবলৈ ৰাছিয়াই সম্ভৱপৰ সকলো কূটনৈতিক সহায়-সহাযোগিতা আগবঢ়াবলৈ সম্পূর্ণ সাজু আছে। পুটিনে লগতে আমেৰিকাই জনাই অহা দাবীৰ প্রতি সঁহাৰি জনাই ইৰানৰ পৰা ইউৰেনিয়ামৰ ভাণ্ডাৰ আঁতৰাই অনাৰ বাবে সহায় কৰাৰ প্ৰতিশ্রুতি দিয়ে। ইৰানত ১১ টন ইউৰেনিয়ামৰ ভাণ্ডাৰ আছে বুলি আমেৰিকাই প্ৰকাশ কৰি আহিছে।