ডিজিটেল ডেস্ক : তিনিচুকীয়া নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত আজি ১০ বছৰে নগৰবাসীক জলাকলা খুওৱা তিনিচুকীয়া নগৰ পানী যোগান আঁচনিৰ বিশুদ্ধ খোৱা পানী আৰু এটা বছৰলৈ জনসাধাৰণে পানী খাব নোপোৱাটো নিশ্চিত। কাৰণ পানী যোগানৰ প্ৰধান পানীৰ উৎস ইনটেক পইন্ট আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। যোৱাটো বাৰিষাৰ প্ৰথমটো বাঢ়নী পানীতে ইনটেক পইণ্টৰ ফ্ল'টিং বাৰ্জটো নৈৰ পানীত বুৰ গ'ল। সেই যে পানীত বুৰ গ'ল, আজি এটা বছৰে সেইটো নিৰ্মাণ কৰিব নোৱাৰিলে। যাৰ বাবে এতিয়া বাৰিষাৰ বতৰত ফ্ল'টিং মেছাৰ্ছ চিভিল ইঞ্জিনিয়াৰ এণ্টাৰ প্ৰাইজেছ প্রাইভেট লিমিটেডৰ অতি নিম্নমানৰ কামৰ নমুনাৰ বাবেই এই অভিলাষী আঁচনিখন অসম্পূর্ণ হৈ আছে। এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যোৱা ১০ বছৰে তিনিচুকীয়া নগৰবাসীক বিশুদ্ধ পানী যোগান ধৰাৰ নামত কেৱল জোলোকা-জোলোকে পানীহে খুৱাইছে। তিনিচুকীয়া নগৰ পানী যোগান আঁচনিৰ ঠিকা লাভ কৰা প্রতিষ্ঠানটোৰ কাম যে অতি নিম্নমানৰ সেয়া পূর্বেও বহুবাৰ প্ৰমাণিত হৈ আহিছে যদিও যোৱাবাৰৰ প্ৰথমটো বানে পানী যোগান আঁচনিৰ মূল চাবিকাঠীকে পানীত বুৰালে।
উল্লেখযোগ্য যে পানী যোগান আঁচনিৰ বাবে গুঁইজানৰ ডিব্ৰু নৈৰ পাৰত ইনটেক পইন্ট স্থাপন কৰিছিল। এই স্থানৰ পৰাই নৈখনৰ পানী আনি বৰগুৰিত বিশুদ্ধ কৰি নগৰৰ ঘৰে ঘৰে পানী যোগান ধৰাৰ কথা। ইনটেক পইণ্টত নৈৰ পৰা পানী উঠাবৰ বাবে নৈৰ বুকুত স্থাপন কৰা 'ফ্লটিং বার্জ পাম্প ছিষ্টেম'টোৱে পানীত বুৰ গ'ল। ফ্লটিং বাৰ্জ পানীত ডুব যোৱা মানেই প্রমাণিত হয় যে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কিমান অদূৰদৰ্শী, কিমান নিম্নমানৰ কাম কৰিছিল। যাৰ নামেই হ'ল 'ফ্লটিং বার্জ' অর্থাৎ পানীত ওপঙি থকা এক ব্যৱস্থা। য'ত পাম্প স্থাপন কৰি নৈৰ পানী উঠোৱা হয়। নৈৰ জলস্তৰ সদায় একে নাথাকে। বাৰিষা আৰু খৰালি জলস্তৰৰ বহু তাৰতম্য ঘটে। নৈৰ পানীৰ স্তৰ যিমানেই নাথাকক লাগে এই পদ্ধতিৰ সহায়ত পাম্পে সহজে পানী উঠাব পাৰে। পানীৰ স্তৰ বেছি হ'লে ফ্লটিং বাৰ্জ ওপৰলৈ স্বয়ংভাবে উঠি আহিব আৰু পানীৰ স্তৰ তললৈ নামিলে ফ্লটিং বার্জ তললৈ নামিব। মুঠৰ ওপৰত পানীৰ উপৰিভাগতেই এই ফ্লটিং বার্জ থাকিব। এই ফ্লটিং বাৰ্জৰ লগত ইনটেক পইন্টলৈ এডাল 'জেটি'ৰ সহায়ত পানীৰ পাইপৰ সংযোগ থাকে। এই জেটিৰ সহায়ত পাৰৰ পৰা ফ্লটিং বার্জলৈ মানুহ অহা-যোৱা কৰিব পাৰে। জানিব পৰা মতে এই জেটিৰ নির্মাণো আসোঁৱাহপূর্ণ। বর্তমান সেই জেটিও ভাঙি পৰিল। ডিব্ৰুনৈত যি ফ্লটিং বার্জ স্থাপন কৰিছিল, সেয়া নৈত ওফন্দি উঠা পানীয়ে তল-ওপৰ কৰি দিলে। বাৰ্জৰ তল ভাগ ওপৰলৈ আহিল ওপৰ ভাগ তললৈ গ'ল। অৰ্থাৎ নাও এখন উবুৰি খোৱাৰ দৰে হ'ল। বাৰিষাৰ পাছত খৰালি আহিল। কিন্তু খৰালি কালতে এই কাম ফেৰাৰ নিৰ্মাণ কৰিব নোৱাৰিলে। এতিয়া বাৰিষাত নৈৰ পানী প্রায় ওফন্দি পৰিল। খৰালিতে কৰিব নোৱাৰা কামটো যে বাৰিষাত কৰিব নোৱাৰে সেয়া নিশ্চিত। জানিব পৰা মতে এই ইনটেক পইন্টটো প্রায় ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এতিয়ালৈকে প্রায় ৯৫ শতাংশ ধন ঠিকাদাৰ প্ৰতিষ্ঠানক মোকলাই দিয়া হ'ল। কিন্তু কাম সম্পূর্ণ হোৱা নাই। কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে কিদৰে ৯৫ শতাংশ ধন মোকলাই দিলে সিও ৰহস্যৰ বিষয়। উল্লেখ্য যে এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কাৰ আশীর্বাদত নিজ খেয়াল খুচি মতে কাম কৰি আছে সেয়াও আন এক ৰহস্যৰ বিষয়। কাৰণ পূর্বেও বহুবাৰ তেওঁলোকৰ নিম্নমানৰ কামৰ বাবে অভিযোগ উত্থাপন হৈছে। পৌৰসভাৰ অধীনত চলি থকা এই পানী যোগান আঁচনিৰ কাম পৌৰসভাই কেনেদৰে তদাৰক কৰিছে সেয়াও সন্দেহৰ বিষয় হৈ পৰিছে। কাৰণ প্ৰতিবাৰেই ঠিকাদাৰী প্ৰতিষ্ঠানটোক ৰক্ষণাবেক্ষণ দিয়াহে পৰিলক্ষিত হৈ আহিছে। ৯৪ কোটি টকীয়া প্রকল্পটো যোৱা ১০ বছৰেও সমাপ্ত কৰিব পৰা নাই।
আনহাতে চহৰখনত পানীৰ পাইপ পোতাৰ নামত চহৰখনৰ আটাইবোৰ পথ খান্দি যি জলাকলা খুৱাইছে, সেয়া তিনিচুকীয়াবাসীয়ে বুজিব পাৰিছে। আঁচনি ৰূপায়ণৰ নামত কোটি কোটি টকা লুণ্ঠন চলাই গৈছে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। যোৱা বাৰিষাৰ দিনত প্রতিদিনে প্রতিটো পথত একোটাকৈ সৰুসুৰা দুৰ্ঘটনা সংঘটিত হ'ব ধৰিছে। কেতিয়াবা গাড়ীৰ চকা লাগি ধৰে, কেতিয়াবা মটৰ চাইকেল আৰোহী পিছল খাই পৰে। অনাহকত যান-জঁট লাগে ইত্যাদি। যোৱা বাৰৰ দৰে এইবাৰো বাৰিষাত পথৰ অৱস্থা একেই হৈছে। অধিকাংশ পথ মেৰামতি নকৰাকৈ থাকি গ'ল। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই ঠিকাদাৰ প্রতিষ্ঠানটোৱে পূর্বে এনে পানী যোগান আঁচনিৰ কাম কৰাৰ অভিজ্ঞতা নাই। তেওঁলোকে প্রথমতে প্রপ'জেল দিওঁতে তেওঁলোকৰ বহু কেইজন অভিজ্ঞ অভিযন্তা আছে বুলি উল্লেখ কৰিছিল। কিন্তু প্রকৃততে দেখা গ'ল তেওঁলোকৰ কোনো অভিজ্ঞ অভিযন্তা নাই। যাৰ বাবে ১০ বছৰ অতিক্রম কৰাৰ পাছতো পানীযোগান আঁচনিখনৰ পানীৰ উৎসটোকেই নিৰ্মাণ কৰিব পৰা নাই। তিনিচুকীয়া নগৰবাসীৰ কাতৰ আহ্বান, লাগিলে বিশুদ্ধ খোৱা পানী নালাগেই কিন্তু বিধ্বস্ত কৰি দিয়া পথসমূহ মেৰামতি কৰি দিব লাগে।