ঐশ্বৰ্যৰ অধিষ্ঠাত্রী দেৱীক আৰাধনাৰ প্ৰস্তুতি, আজি শ্রীশ্রী লক্ষ্মী পূজা

Dainik Janambhumi October 25, 2026

ডিজিটেল ডেস্ক : ওঁম ঐলোক পূজিতে দেৱী/কমলে বিষ্ণু বল্লভে/যথা ত্বমচলা কৃষ্ণে তথা ভব ময়ি স্থিৰা- এই শ্লোকৰ ধ্বনি তুলিয়েই আজি ধন-সম্পদ, ঐশ্বর্য আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা কৰিব সনাতনী পন্থাত বিশ্বাসী বহু ভক্তই। লক্ষ্মী পূজাক লৈ দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে আমাৰ ৰাজ্যৰো বিভিন্ন প্রান্তত এতিয়া ব্যাপক প্রস্তুতি চলিছে। ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি পূজাৰ মণ্ডপ সজোৱা, পূজাৰ সামগ্ৰী সংগ্ৰহ কৰা আৰু নৈবেদ্য প্রস্তুত কৰালৈকে সকলোতে দেখা গৈছে ব্যস্ততা। 

শাৰদীয় বতৰতে অনুষ্ঠিত লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নামনি অসমৰ বিজনীকে ধৰি কিছুমান স্থানত কেইবাদিনো ধৰি ব্যাপক উলহ-মালহেৰে এই পূজা উদযাপন কৰা হয়। লক্ষ্মী পূজাৰ প্ৰাক্ষণত বজাৰসমূহতো বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰ। পূজাৰ বাবে প্রয়োজনীয় ফল-মূল, ফুল, ধূপ-চাকি, কলপাত, নাৰিকল, মিঠাই আৰু অন্যান্য পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে এই বিশেষ দিনটোত ধন-সম্পত্তি, সুখ আৰু সমৃদ্ধি কামনা কৰি দেৱী লক্ষ্মীৰ আৰাধনা কৰা হয়। ধর্মীয় বিশ্বাস আৰু জ্যোতিষ শাস্ত্ৰৰ প্ৰচলিত পৰম্পৰা অনুসৰি, লক্ষ্মী পূজাৰ দিনা কিছুমান বিশেষ নিয়ম আৰু লোকাচাৰ পালন কৰিলে সংসাৰত সুখ-সমৃদ্ধি অটুট থাকে বুলি বিশ্বাস কৰা হয়। দেৱী লক্ষ্মীক হিন্দুসকলে ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী বুলি বিৱেচনা কৰে। মা লক্ষ্মী হৈছে ভগৱান বিষুৰ ভার্যা। 

জনবিশ্বাস মতে, লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীর্বাদ দিয়ে। এই দিনটোত লক্ষ্মীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি ফুল আৰু পোহৰেৰে আলোকিত কৰি, আল্পনা আঁকি ঘৰখন সুন্দৰ কৰি ৰাখে। লক্ষ্মী পূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে অৱশ্যে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। সেয়েহে আজিৰ দিনটো উদযাপন কৰাৰ বাবে আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী।

Share This