মুখ্যমন্ত্ৰীৰ তথ্য, ৰাজ্যৰ ৯৬% ঘৰলৈ বিদ্যুৎ যোগান

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৯৬ শতাংশৰো অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু ৯২.৮ শতাংশ ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। 

কালি সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰে যে 'এটা দশক পূৰ্বৰ বিদ্যুৎ নাটনিৰ ক'লা দিনবোৰ আঁতৰাবলৈ আমি সংকল্প লৈছিলোঁ। এই উদ্দেশ্য শক্তিশালী কৰিবলৈ গ্রীড নেটৱৰ্ব্বক, উন্নত বিদ্যুৎ ব্যৱস্থাপনা আৰু শেষ মাইললৈ সংযোগ নিশ্চিত কৰাৰ ফলত বিদ্যুৎ এতিয়া অধিক সুলভ আৰু নিৰ্ভৰযোগ্য হৈছে। পোহৰে যিদৰে এখন ঘৰ আলোকিত কৰে একেদৰে আলোকিত কৰে জনসাধাৰণৰ সপোন আৰু সম্ভাৱনাক। আমাৰ চৰকাৰে ৰাজ্যৰ ৯৬ শতাংশতকৈ অধিক ঘৰলৈ বিদ্যুৎ যোগান নিশ্চিতিৰে উন্মোচন কৰিছে উন্নয়নৰ আন এক নতুন দিগন্তৰ।' 

ইফালে বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰা সন্দৰ্ভতো তেওঁ উল্লেখ কৰে, 'বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা এখন ঘৰ, এখন সমাজৰ বাবে কিমান তাক আমি সকলোৱে উপলব্ধি কৰিব পাৰোঁ। সেয়ে এই দিশত নিৰন্তৰ গতিৰে কাম কৰি আছোঁ। পদক্ষেপ গ্রহণ কৰিছোঁ। এই সফলতা ১০০ শতাংশৰ সীমা অতিক্রম নকৰালৈকে আমি থমকি নৰওঁ।' 

ইফালে কাৰ্যভাৰ পুনৰবাৰ গ্ৰহণ কৰাৰ পাছত যোৱা সপ্তাহৰ শীৰ্ষ ৫টা পদক্ষেপৰ কথাও মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰে যে এই সপ্তাহটোত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা হৈছে, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবকেক আদৰণি জনোৱা হৈছে, প্ৰসূতিৰ মৃত্যু ৮৪লৈ হ্রাস হৈছে। যি ৰাষ্ট্ৰীয় মৃত্যু ৮৮ তকৈ কম, উমৈহতীয়া দেৱানী সংহিতা বিধেয়ক গৃহীত আৰু মহিলাৰ বাবে এক তৃতীয়াংশ সংৰক্ষণৰ বাবে সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

Share This