উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত দাৱেৰ বিস্ফোৰক মন্তব্য

Dainik Janambhumi September 29, 2026

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ ভিতৰচ'ৰাত দুর্নীতি-অনিয়মে ছানি ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত দাৱেই। তিৰুৱনন্ত পুৰমত ১৭ সংখ্যক কে এম বছিৰ স্মাৰক বক্তৃতা প্রদান কৰি দাৱেই সর্বোচ্চ আদালতক তীব্র সমালোচনা কৰি কয় যে উচ্চতম ন্যায়ালয় সম্প্রতি দুর্নীতিপৰায়ণ ন্যায়াধীশেৰে ভৰি পৰিছে। এই দুর্নীতিপৰায়ণ ন্যায়াধীশসকলে ন্যায় ব্যৱস্থাত বৃহৎ আঘাত হানিছে বুলিও তেওঁ কয়। 

বাৰ এছ'চিয়েশ্যনেৰে সংযুক্ত থকা দীর্ঘ অভিজ্ঞতা সুঁৱৰি দাৱেই কয় যে সর্বোচ্চ ন্যায়ালয়ত বহু ভাল ন্যায়াধীশ আছে। কিন্তু দুর্নীতিপৰায়ণ ন্যায়াধীশৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা বিধৰ। তেওঁ আৰু কয় যে ধনী আৰু ক্ষমতাশালী শ্রেণীয়ে ন্যায় ব্যৱস্থাটো সম্পূর্ণ নিজৰ কৰি ল'লে। 

ইফালে, ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ (এছ আই আৰ) জৰিয়তে দেশৰ বৃহৎ সংখ্যক ভোটাৰৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ লগতে নির্বাচন আয়োগক কটাক্ষ কৰি ধন্যবাদ জ্ঞাপন কৰে।

Share This