আজিৰ সম্পাদকীয়, গুৱাহাটীত পঁইতাচোৰা

Dainik Janambhumi September 29, 2026

ডিজিটেল ডেস্ক : পঁইতাচোৰা এনে এবিধ জীৱ, যি যুগ-যুগান্তৰে মানুহৰ মাজতে বিচৰণ কৰি আছে, কিন্তু মানুহে কোনোদিনেই এই জীৱবিধক ভাল চকুৰে চোৱা নাই। বৰঞ্চ এই জীৱবিধক মাৰিবলৈ, খেদিবলৈ সম্ভৱপৰ সকলোধৰণৰ চেষ্টা যুগে যুগে কৰি আহিছে। কিন্তু পৰিতাপৰ কথা হ'ল- মানুহে নিবিচাৰিলেও পঁইতাচোৰাই মানুহৰ সান্নিধ্য কেতিয়াও এৰা নাই, আৰু হয়তো কেতিয়াও নেৰিবও। গতিকে, উত্তম পথটো হৈছে পঁইতাচোৰাৰ লগত সহ-অৱস্থান কৰা। ইমান দিনে পঁইতাচোৰা এবিধ বিৰক্তিদায়ক জীৱ হৈ আছিল, কিন্তু এতিয়া ই পৰিণত হৈ পৰিছে এটা শক্তিত। আমাৰ সামাজিক-ৰাজনৈতিক ব্যৱস্থাৰ সুৰুঙা, দুৰ্বলতাৰ সুযোগ লৈয়ে পঁইতাচোৰা এতিয়া এক শক্তি হৈ আমাৰ সন্মুখত থিয় দিছে। পৰিস্থিতি এতিয়া এনেকুৱা হৈ পৰিছেগৈ যে কিছুমানে ভয়েই খাইছে। পঁইতাচোৰাৰ এই শক্তিয়ে বা আহিবলগীয়া দিনবোৰত কি ৰূপ ধাৰণ কৰে! এই পঁইতাচোৰাৰ শক্তিটোৰ নাম নুশুনা মানুহ হয়তো দেশত কম ওলাব- ককৰ'চ জনতা পার্টি (চি জে পি), অসমীয়াত ভাঙনি কৰিলে হ'ব পঁইতাচোৰা বা তেল-ভকুৱা জনতা পার্টি। ঘৰৰ চুকে-কোণে, টেমা-চৰু, কাঁহী-বাটিৰ তলে-ওপৰে, চাউলৰ টিং, বিস্কুটৰ টেমাৰ ভিতৰে-বাহিৰে নিঃশব্দে ঘূৰি ফুৰা পঁইতাচোৰাবিলাকক লৈ মানুহৰ বিৰক্তি-উদ্বেগক তল পেলাই, এই নতুন পঁইতাচোৰা শক্তিয়ে এতিয়া সশব্দে নিজৰ অৱস্থান ঘোষণা কৰিছে, তেওঁলোকে বেয়া পোৱা কিছুমান কথা-কামৰ অপ্রত্যাশিত প্রতিবাদ সাব্যস্ত কৰি। দেশবাসীয়ে সেই প্রতিবাদ দেখিলে আৰু লগতে দেখিলে কেনেকৈ 'পঁইতাচোৰা'ৰ অভাৱনীয় প্রতিবাদৰ বাবে এগৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে পদত্যাগ কৰিব লগা হ'ল। দেশবাসীৰ বাবে সম্পূর্ণ নতুন ধৰণৰ এই উদাহৰণবিলাকক লৈ চর্চা চলি থকাৰ মাজতে, আমাৰ ৰাজ্যৰ ৰাজধানী মহানগৰীত হঠাৎ আৱিৰ্ভাৱ ঘটিল এই পইতাচোৰা শক্তিৰ, অৰ্থাৎ ককৰ'ট জনতা পার্টি (চি জে পি)ৰ। পঁইতাচোৰাই বিচৰণ কৰাৰ দৰে প্ৰায় নিঃশব্দেই এই শক্তিৰ পাঁচগৰাকী কেন্দ্ৰীয় নেতা গুৱাহাটীলৈ আহিছিল। চি জে পিৰ সহ-আহ্বায়ক তথা ৰাষ্ট্ৰীয় মুখপাত্র আশুতোষ ৰাংকা আৰু ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ চাৰিগৰাকী সদস্য ক্রমে অংকিত ভৰদ্বাজ, আকাশ প্রেম, বৰুণ আগৰৱাল আৰু আনম গুৱাহাটীলৈ আহিছিল স্বেচ্ছাসেৱকৰ সভা এখন অনুষ্ঠিত কৰিবলৈ।


ইয়াৰ পূৰ্বে অৱশ্যে ৰাইজৰ দলে উজনিৰ অভূতপূর্ব বান দুর্যোগৰ ক্ষতিগ্রস্ত লোকসকলক যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত চচলত অনুষ্ঠিত কৰা এক প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰিছিল চি জে পিৰ নেতাকেইগৰাকীয়ে। তাৰ পাছত তেওঁলোকে অসমৰ উপৰি অৰুণাচল, মণিপুৰ, নগালেণ্ড, ত্ৰিপুৰাকে ধৰি উঃ-পূবৰ ৰাজ্যকেইখনৰ একাংশ প্রতিনিধিক লৈ, মহানগৰীৰ এটা ব্যক্তিগত বাসভবনত এখন স্বেচ্ছাসেৱক সভা অনুষ্ঠিত কৰাৰ আগতেই, চি জে পিৰ কেন্দ্ৰীয় নেতাকেইগৰাকীকে ধৰি ৫০ গৰাকী যুৱক-যুৱতীক আৰক্ষীয়ে আটক কৰি, দশম অসম আৰক্ষী বেটেলিয়নৰ শিবিৰলৈ লৈ গৈ, তাত তেওঁলোকক কেইবা ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে। তাৰ পাছত সেই দশম অসম আৰক্ষী বেটেলিয়নৰ শিবিৰৰ ভিতৰত আবদ্ধ হৈ থকা অৱস্থাত আৰু তাৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত চি জে পিৰ নেতাসকলে অনুষ্ঠিত কৰা সংবাদমেলৰ যিবোৰ ভিডিঅ' ভাইৰেল হৈছে, তাত এটা প্রশ্নই তেওঁলোকে বাৰে বাৰে উত্থাপন কৰা দেখা গ'ল- তেওঁলোকক কিয় আটক কৰা হ'ল, কিয় ইমান সময় আবদ্ধ কৰি ৰখা হ'ল? আৰক্ষীক তেওঁলোকে প্রত্যাহ্বান জনাইছিল যে যদি তেওঁলোকে কিবা অপৰাধ কৰিছে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে কিয়? তেওঁলোকে এই বুলিও ব্যক্ত কৰে যে- 'ওপৰৰ' নিৰ্দেশতহে চি জে পিৰ নেতা-কর্মীসকলক আটক কৰা বুলি হেনো আৰক্ষীয়ে তেওঁলোকক জনাইছে। অৱশ্যে, এটা কথা ঠিক যে কোনোবা ব্যক্তিৰ আচৰণ যদি সন্দেহজনক হয়, জনসাধাৰণৰ নিৰাপত্তাৰ বাবে যদি কোনো ব্যক্তি বা ব্যক্তিৰ গোট ভাবুকি বুলি সন্দেহ ওপজে, তেনেহ'লে তেনে ব্যক্তিক আটক কৰি আৰক্ষীয়ে সোধা-পোছা কৰিব পাৰে। কিন্তু চি জে পিৰ, অৰ্থাৎ পঁইতাচোৰা পাৰ্টিৰ নেতাকেইজন বা স্বেচ্ছাসেৱকৰ সভালৈ অহা যুৱক-যুৱতীসকল সন্দেহজনক ব্যক্তি আছিল নেকি বা তেওঁলোকৰ আচৰণত জনসাধাৰণৰ নিৰাপত্তা বিঘ্নিত হ'ব পৰা কিবা ৰূপ প্রকট হৈ উঠিছিল নেকি সেই বিষয়ে কোনো কথা আৰক্ষীৰ অথবা চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হোৱা নাই। সেয়া চৰকাৰে ৰাজহুৱাকৈ প্ৰকাশ কৰা উচিত। কাৰণ নোহোৱাকৈ যদি তেওঁলোকক আটক কৰি দীর্ঘ সময় আবদ্ধ কৰি ৰখা হৈছিল তেনেহ'লে এইটো ব্যক্তি স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি চিহ্নিত হ'ব। ককৰ'ট জনতা পার্টিক এতিয়ালৈকে নিষিদ্ধ ঘোষণাও কৰা হোৱা নাই। যদি কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক আটক কৰা হৈছিল, তেতিয়াহ'লে ভবাৰ থল থাকিব যে 'পঁইতাচোৰা লৈ চৰকাৰে ভয় খাইছে। এতিয়া প্রশ্ন হ'ব যে ইয়াৰ পাছত 'পঁইতাচোৰা'ৰ দল অসমলৈ আহিলে আৰু সভা-সমিতি পাতিলে চৰকাৰে কি ব্যৱস্থা ল'ব?


পইতাচোৰা পাৰ্টিৰ নেতাসকলে মুকলিকৈ কৈছে- 'গুৱাহাটীত বা অসমত তেওঁলোকৰ বিশেষ অস্তিত্ব নাছিল, চৰকাৰে তেওঁলোকক ডাঙৰ কৰি পেলালে। এতিয়া তেওঁলোক ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ যাব। আদিবাসী বিদ্যালয়লৈ যাব, উজনিৰ বান হোৱা অঞ্চললৈ যাব, সেই ঠাইবোৰ পৰিদৰ্শন কৰি প্ৰতিটো ব্যর্থতা, প্রতিটো অনিয়ম ৰাষ্ট্ৰৰ সন্মুখলৈ আনিব। গাঁৱে গাঁৱে তেওঁলোকে পঁইতাচোৰাৰ সৃষ্টি কৰিব। পঁইতাচোৰাই গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰে।' পঁইতাচোৰা শক্তিৰ উত্থান আকস্মিক। দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ পঁইতাচোৰা-কেন্দ্ৰিক এটা মন্তব্যৰ আলম লৈ হঠাৎ এই পঁইতাচোৰা পাৰ্টিৰ উত্থান ঘটিছিল। 'নীট'ৰ প্রশ্নকাকত ফাদিলক লৈ যন্তৰ মন্তৰত কৰা আন্দোলনেৰে এই পঁইতাচোৰা পার্টিয়ে দেশ কঁপাই দিছিল। তেনেস্থলত তেওঁলোকে অসমত আহি আৰক্ষীৰ নিগ্ৰহৰ সন্মুখীন হ'ব লগীয়া হোৱাৰ পাছত দিয়া ভাবুকি চিন্তনীয়। আগন্তুক দিনবোৰত অসমত পঁইতাচোৰাৰ শক্তিয়ে কি দেখুৱায় সেয়া চাবলগীয়া হ'ব।

Share This