ডিজিটেল ডেস্ক: মহানগৰীৰ জালুকবাৰীত সোমবাৰে নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ছিপাঝাৰৰ এজন যুৱকে প্ৰাণ হেৰুৱায়। নিশা পত্নীৰ সৈতে স্কুটীৰে খানাপাৰাৰ অভিমুখে গৈ থকা অৱস্থাত এখন দ্ৰুতগামী ছুইফট্ ডিজায়াৰ বাহনে তেওঁলোকৰ বাহনখনত তীব্ৰবেগে খুন্দা মৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা যুৱকজন ছিপাঝাৰৰ বুঢ়াৰ নিবাসী বিশ্বজিৎ কলিতা বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত তেওঁৰ পত্নীগৰাকী কথমপি প্ৰাণৰক্ষা পৰে।
প্ৰাপ্ত তথ্য অনুসৰি, নিহত বিশ্বজিৎ কলিতা বিজুলী ভৱনৰ এগৰাকী অস্থায়ী কৰ্মচাৰী আছিল। মাত্ৰ ৭ মাহ পূৰ্বে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলাৰ কিছুমাহ পিছতে সংঘটিত এই কৰুণ ঘটনাই ছিপাঝাৰৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল