ডিজিটেল ডেস্ক: লোক সভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীপক্ষই অনাস্থা প্রস্তাৱ উত্থাপনৰ প্রস্তুতি চলাইছে। কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন বিৰোধী দলে ইয়াৰ বাবে প্রস্তুতি আৰম্ভ কৰে। অধ্যক্ষই বিৰোধী পক্ষৰ সৈতে পক্ষপাতিত্ব কৰা আৰু বিৰোধী সাংসদক সদনত ভাষণ দিয়াৰ সুবিধা কমকৈ দিয়াৰ অভিযোগ কৰা হৈছে।
বিৰোধী পক্ষই এইবুলি অভিযোগ কৰে যে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত বিৰোধী দলপতি তথা কংগ্রেছৰ সাংসদ ৰাহুল গান্ধীক ভাষণ দিবলৈ দিয়া নহ'ল। সূত্রসমূহে প্রকাশ কৰা মতে, চলিত বাজেট অধিৱেশনৰ দ্বিতীয় পর্যায়ত এই অনাস্থা প্রস্তাৱ উত্থাপন কৰা হ'ব, কিয়নো অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপনৰ বাবে ২০ দিনৰ আগতে জাননী দিয়াৰ প্ৰয়োজন। সূত্রসমূহে প্রকাশ কৰা মতে, কংগ্ৰেছৰ সদস্যসকলে প্রস্তাৱটোত স্বাক্ষৰ কৰিছে, কিন্তু প্রস্তাৱটোৰ সম্পৰ্কত সমাজবাদী পার্টি আৰু ডি এম কেৰ স্থিতি স্পষ্ট হোৱা নাই। দুয়োটা দলে এই সম্পৰ্কত নিজৰ ভিতৰত আলোচনা-বিলোচনা কৰি এটা সিদ্ধান্ত গ্রহণ কৰিব।
কংগ্রেছে প্রকাশ কৰা মতে, অনাস্থা প্রস্তাৱ উত্থাপনৰ বাবে দলটোৰ পৰ্যাপ্তসংখ্যক সাংসদ আছে আৰু আন বিৰোধী দলসমূহ ইয়াত সন্মত নহ'লেও সংবিধান অনুসৰি নিৰ্ধাৰিত সময় সীমা অনুসৰি উত্থাপন কৰা হ'ব। অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপনৰ প্রস্তুতি চলোৱাৰ প্রধান কাৰণকেইটা হ'ল ক্রমে, লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীক ভাষণ দিয়াৰ অনুমতি নিদিয়া, অধ্যক্ষই বিৰোধী পক্ষৰ মহিলা সাংসদৰ বিৰুদ্ধে কৰা অভিযোগ, চৰকাৰী পক্ষৰ একাংশ সাংসদক বিশেষাধিকাৰ দিয়া আৰু বিৰোধী পক্ষৰ ৮জন সাংসদক চলিত অধিৱেশনৰ পৰা নিলম্বিত কৰা।
অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপনৰ সিদ্ধান্ত লোৱা হয় ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেৰ সংসদ ভৱন চৌহদত থকা কার্যালয়ত ইণ্ডিয়া মৰ্চাৰ নেতাসকলৰ এখন বৈঠকত। বৈঠকত লোক সভাৰ বিৰোধী দলপতি গান্ধী আৰু মৰ্চাৰ আন নেতাসকল উপস্থিত আছিল। কংগ্রেছৰ নেতা কে চি বেণুগোপালে কয় যে সংসদীয় নিয়ম অনুসৰি বিৰোধী দলপতিক 'শ্বেড' প্রধানমন্ত্রী' ৰূপে গণ্য কৰা হয়, কিন্তু ইয়াত বিৰোধী দলপতিক মত প্রকাশৰ সুবিধা দিয়া হোৱা নাই। চৰকাৰে যি ইচ্ছা তাকে ক'ব পাৰে, যিকোনো নেতাক সমালোচনাৰ লক্ষ্য কৰি ল'ব পাৰে, বিৰোধী পক্ষৰ বাবে কোনো স্থান নাই, আৰু তেওঁলোকক মত প্রকাশৰ সুযোগ দিয়া নহয়। পূৰ্বতে বিৰোধী পক্ষৰ প্রতি এনেধৰণৰ স্থিতি কেতিয়াও দেখা পোৱা নগৈছিল।