ডিজিটেল ডেস্ক : জৈৱ-বৈচিত্র্যৰ বাবে চহকী অসম। ৰাজ্যৰ সেউজ বনাঞ্চল আৰু জলাশয়সমূহ হৈছে বিভিন্ন জীৱ-জন্তুৰ বাসস্থান। শেহতীয়াকৈ অসমত পোৱা গৈছে বেঁকা ঠেঙৰ এক বিশেষ প্রজাতিৰ কেঁকো সাপ। উৰপদ বিলত সন্ধান পোৱা হৈছে এই বিশেষ প্ৰজাতিৰ।
কেঁকো সাপৰ কথা ৰাজহুৱা কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'গোৱালপাৰাৰ উৰপদ বিলত বেন্ট-টড গেকো (Cyrtodactylus bapme) নামৰ সৰীসৃপ দেখিবলৈ পোৱা গৈছে। অসমৰ জৈৱ-বৈচিত্র্যৰ জগতত এই প্রজাতিটোৰ উপস্থিতিয়ে এক আশাৰ ছবি কঢ়িয়াইছে। অসমত ইয়াৰ উপস্থিতিয়ে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ জলাহভূমি আৰু প্রাকৃতিক পৰিৱেশ জৈৱ-বৈচিত্র্যৰে সমৃদ্ধ।' আমাৰ নিৰন্তৰ সংৰক্ষণমূলক প্ৰচেষ্টাৰ ফলতেই এনে সংবেদনশীল আবাসভূমি আজিও সুৰক্ষিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে আৱাসভূমি বহু দুষ্প্রাপ্য আৰু বৈচিত্র্যময় প্রজাতিয়ে স্বাভাৱিকভাৱে বাস কৰি আছে।
উল্লেখযোগ্য যে বেল্ট-টড গেকো গেকো Cyrtodactylus প্রজাতিৰ অন্তৰ্গত। সকলো কেঁকো গোত্ৰৰ ভিতৰত ই আটাইতকৈ ডাঙৰ আৰু ইয়াৰ ৩৬০ টাতকৈও অধিক প্রজাতি ইতিমধ্যে চিনাক্ত কৰা হৈছে। ই সাধাৰণ কেঁকোৰ দৰে নহয়, ইহঁতৰ ঠেঙৰ আঙুলিবোৰ প্ৰসাৰিত, আঠাযুক্ত, বক্ৰ আৰু নখযুক্ত।