ডিজিটেল ডেস্ক: ৰাজ্যত দৈনন্দিন এটাৰ পিছত আন এটা পথ দুৰ্ঘটনাই নিদ্ৰা হৰণ কৰিছে অভিভাৱকসকলৰ। দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-সোণতলী অঞ্চলত সোমবাৰে পৃথকে হোৱা পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যুৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে আবেলি বাইক আৰু ডি আই গাড়ীৰ মুখামুখি সংঘৰ্ষত হাঁহচৰীত দুজনকৈ কিশোৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুজন ক্ৰমে জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন ঘোৰামাৰা গাঁৱৰ আজিজুল হক(১৬) আৰু হাঁহচৰী গাঁৱৰ ৰুহুল আমিন (১৪) বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে দুয়োকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও দুয়োৰে অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে।
ইয়াৰে আজিজুল হক নামৰ কিশোৰজন GMCH লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
কালাতলীৰ পৰা আহি থকা ASO1SC 7368 নম্বৰৰ ডি আই গাড়ী আৰু AS-01DX7134 নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল