ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত এগৰাকী মহিলাই কৰিছে এক বিশেষ ঘোষণা। মহিলাগৰাকীৰ হেৰাইছিল এডাল সোণৰ চেইন। সেই সোণৰ চেইনডাল ওভতাই দিয়া ব্যক্তিক তেওঁ নগদ ৩০ হাজাৰ টকা উপহাৰ স্বৰূপে প্ৰদান কৰিব।
ৰাইজলৈ এই আহ্বান মহিলাগৰাকীৰ। ছয়মাইল উৰণ সেতুৰ বৰুৱা চুইটছ বিপণীৰ সন্মুখত পদপথত পৰিছিল মহিলাগৰাকীৰ ডিঙিৰ সোণৰ চেইন।
নিশা পদপথত খোজ কাঢ়ি যোৱা এজন লোকে বুটলি লৈছিল চেইনডাল। হালধীয়া ৰঙৰ চাৰ্ট পিন্ধি আছিল লোকজনে। যি দৃশ্য বন্দী হৈ ৰৈছিল cctv কেমেৰাত। কিন্তু তেওঁৰ মুখখন স্পষ্ট হোৱা নাই।
ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। চেইন পোৱা ব্যক্তিগৰাকীয়ে এই 9864575830ত যোগাযোগ কৰিবলৈ আহ্বান ভুক্তভোগীৰ।
স্ব-ইচ্ছাই চেইন ওভতাই দিলে নগদ ৩০ হাজাৰ পুৰস্কাৰ দিয়াৰ ঘোষণা মহিলাগৰাকীৰ।
উৎস প্ৰাগ নিউজ ডিজিটেল