ডিজিটেল ডেস্কঃ গদাৰ ২ য়ে বক্স অফিচত খলকনি তোলাৰ সময়তে ছানী দেওল সন্মুখীন হ’ল এক অনাহূত পৰিস্থিতিৰ।
ছানী দেওলে তেওঁৰ শেহতীয়া ছবি খনৰ প্ৰচাৰৰ সময়তে এগৰাকী মহিলাই হঠাতে তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰাৰ ঘটনাত অভিনেতাগৰাকী হতভম্ব হৈ পৰে। মহিলাগৰাকীৰ এনে কাণ্ডত ছানী বিৰক্ত হোৱা দেখা গৈছিল। অভিনেতাজনক সোমবাৰে পাপাৰাজ্জিয়েও পিছ লৈছিল।
ছানি দেওলে এতিয়া আনন্দেৰে সময় পাৰ কৰিছে। কিয়নো তেওঁৰ ছবি গদাৰ ২ য়ে বক্স অফিচত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছবিখনে আৰম্ভণিতে ১৩৩ কোটি টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। বক্স অফিচৰ খবৰ পোৱাৰ পিছতে ছানীয়ে তেওঁৰ প্ৰথম ৰাজহুৱা দৰ্শন দিছিল।
কোনো লোকে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত ছানী দেওলক বাহিৰলৈ ওলাই যোৱা দেখা গৈছে। তেতিয়াই অনুৰাগীৰ এটা দল তেওঁৰ ওচৰলৈ আহিছিল। দলটোত দুগৰাকী মহিলাও আছিল। ছানিয়ে এজন পুৰুষৰ সৈতে চেলফি উঠাৰ বাবে পোজ দিছিল, তেওঁ কিন্তু মহিলাসকলৰ পৰা দূৰত্ব বজাই ৰাখিছিল। তেতিয়াই এগৰাকী মহিলাই ছানী হেঁচা মাৰি ধৰাৰ ভংগীত আগুৱাই আহিছিল। এই কথাত বিৰক্ত হৈ পৰিছিল ছানী। তেওঁ কৌশলেৰে মহিলাগৰাকীৰ পৰা আঁতৰি গৈছিল।