জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া 

Nikimoni Kachari September 19, 2026

ডিজিটেল ডেস্ক: আজি ১৯ ছেপ্টেম্বৰ—অসম আৰু অসমীয়াৰ বাবে অতি বিষাদৰ এক দিন। বুকু ফালি ওলাই অহা নিঃশব্দ কান্দোন, গধুৰ নিস্তব্ধতাৰে আৱৰি ধৰিছে সময়বোৰ। অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি যোৱাৰ আজি এটা বছৰ। এই এবছৰে মানুহে কেৱল পাতি থাকিল জুবিনৰে কথা। জুবিন নাই বুলি কোনেও মানি লʼব পৰা নাই আজি পৰ্যন্ত। 

যিদিনা ছিংগাপুৰৰ পৰা সেই বজ্রাঘাতসদৃশ খবৰটো আহিছিল, স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। একুৰা শোকৰ জুয়ে দহি-পুৰি মাৰিলে অসমীয়াৰ মন-হৃদয়। বিমানবন্দৰৰ পৰা সৰুসজাই, সৰুসজাইৰ পৰা সোণাপুৰ—লাখ লাখ মানুহৰ সমাগম, চকুলোৰে ঢল বোৱা মহা আৱেগৰ সেই দৃশ্য বিশ্বই দেখিছিল। সেয়া কেৱল এজন শিল্পীৰ বিদায় নাছিল; সেয়া আছিল এটা জাতিয়ে নিজৰ হিয়াৰ আমঠুক শেষ বিদায় জনোৱাৰ বিৰল ইতিহাস।

জুবিনবিহীন এবছৰ হোৱা সময়ত জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ‘জুবিন দিৱস’। সমগ্ৰ ৰাজ্যৰ পৰা অনুৰাগীসকল আহি ভিৰ কৰিছে সোণাপুৰত। ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ‘জুবিন দিৱস’। 

দিনে নিশাই জুবিন ক্ষেত্ৰত দেখা গৈছে ভিৰ, স্মৰণ কৰিছে যুগদ্ৰষ্টা শিল্পীগৰাকীক। শিশুৰ পৰা বৃদ্ধলৈকে জুবিন ক্ষেত্ৰত চাকি-ধূপ জ্বলাইছে, জুবিনৰ গান গাইছে। জুবিনৰ গীতেৰে মুখৰ কৰি ৰাখিছে সোণাপুৰৰ জুবিনক্ষেত্ৰ।

কেৱল জুবিন ক্ষেত্ৰই নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মৰমৰ শিল্পীগৰাকীক সুঁৱৰি আবেগিক হৈ পৰা দেখা গৈছে অনুৰাগীসকল। কোনোৱে যদি জুবিনৰ গান গাইছে, কোনোৱে জুবিনৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে।

বছৰ এটা পাৰ হ’ল। মানুহে কয় সময় সকলো ঘাৰ ঔষধ। কিন্তু জুবিনক হেৰুৱা বুকুৰ ঘাডোখৰ অসমীয়াৰ বুকুৰ পৰা সময়ে এতিয়াও শুকুৱাব পৰা নাই।

জুবিন গাৰ্গ থাকিব চিৰদিন...চিৰকাল অসমীয়াৰ হৃদয়ত।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This