জিষ্ট'ত এবছৰে নির্মাণ সম্পূর্ণ নহ'ল দ্বিতীয় জুবিন ক্ষেত্ৰৰ

dainik janambhumi September 18, 2026

ডিজিটেল ডেস্ক : অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ অহা ১৯ ছেপ্টেম্বৰত সম্পূৰ্ণ হ'ব। সংগীতৰ মাধ্যমেৰে বিশ্বৰ মানচিত্ৰত অসমক চিনাকি কৰাই দিয়া জাতীয় জীৱনৰ পুৰোধা শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যবাসীৰ লগতে যোৰহাটবাসীও মর্মাহত। শৈশৱত যোৰহাটতে জীৱনৰ আদিপাঠ শিকা অসমবাসীৰ প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যোৰহাটত সজীৱ কৰি ৰখাটো বিচাৰে প্ৰতিগৰাকী যোৰহাটবাসীয়ে। 

 

ৰাজ্য চৰকাৰে অসমীয়াৰ হার্টথ্র'বগৰাকীৰ মৃত্যুৰ পাছতে সোণাপুৰৰ সমান্তৰালভাৱে যোৰহাটতো স্মৃতি সজীৱ কৰি ৰাখিব বুলি ঘোষণা কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে এই সিদ্ধান্ত ঘোষণা কৰাৰ পাছত শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে চটাইস্থিত যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানত (জিষ্ট) মাটিৰ ব্যৱস্থা কৰে। যোৰহাট জিলা প্রশাসনে জনপ্রিয় শিল্পীজনক অসমবাসীৰ মনৰ মাজত সজীৱ কৰাৰ কামনাৰে এটা প্ৰকল্পৰ বাবে মাটিৰ ব্যৱস্থা কৰে যদিও যোৱা এবছৰে কিন্তু প্রয়োজনীয় আন্তঃগাঁথনি সম্পূর্ণ নহ'ল, যিটোক লৈ যোৰহাটবাসীৰ কিছু ক্ষোভ নথকা নহয়। যোৰহাটতে শৈশৱ পাৰ কৰি জে বি কলেজৰপৰা শিক্ষাগ্রহণৰ পাছত যোৰহাটৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰা প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি বিজড়িত এটা প্রকল্প সোনকালে হোৱাটো জুবিনপ্রেমীসকলে কামনা কৰিছিল। 

 

লক্ষণীয় যে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটত জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ্থে এক সুন্দৰ প্ৰকল্প গঢ়ি তোলাৰ বাবে প্ৰথমৰে পৰা প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। প্রথম অৱস্থাত জিলা আয়ুক্তসহ প্ৰশাসনৰ তৰফৰ পৰা কেইবা ঠাইতো মাটি চাইছিল যদিও পৰৱৰ্তী সময়ত যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মাটি এই প্ৰকল্পৰ বাবে নির্বাচন কৰে। চটাইৰ স্থানীয় ৰাইজৰ অনুৰোধ অনুসৰি জিষ্টৰ চৌহদৰ ভিতৰতে প্রকল্পটো লোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। এই প্রকল্পটোৰ সম্পর্কত জানিবলৈ বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ লগত যোগাযোগ কৰাত তেওঁ কয় যে জিষ্টৰ চৌহদৰ ভিতৰত হোৱাৰ বাবে প্ৰকল্পটোৰ মাটিৰ বাবে কাৰিকৰী শিক্ষা সঞ্চালকৰ পৰা অনুমতিৰ প্ৰয়োজন হয়। ইতিমধ্যে মাটিৰ অনুমতিৰ বাবে চৰকাৰৰ প্রয়োজনীয় প্রক্রিয়া চলি আছে। প্রকল্পটোত জুবিন গাৰ্গৰ মূৰ্তি থকাৰ লগতে এখন উদ্যান নির্মাণ হ'ব। বিধায়কগৰাকীয়ে জনোৱা মতে, ইতিমধ্যে যোৰহাটৰ বিশিষ্ট শিল্পী ড° ৰঞ্জিত কুমাৰ বৰুৱাই জুবিন গাৰ্গৰ মূৰ্তিৰ নিৰ্মাণ সম্পূর্ণ কৰিছে। মূৰ্তি স্থাপনৰ বাবে ইতিমধ্যে বেদীটোও নিৰ্মাণ কৰিছে। যিহেতু বাৰিষা হোৱাৰ বাবে প্রকল্পস্থলীত আৰ্থ ফিলিঙৰ কাম কৰিব নোৱাৰাত পিছ পৰি ৰৈছে। চটাই অঞ্চলৰ স্থানীয় যুৱকবৃন্দৰ দ্বাৰা প্ৰক্ৰিয়াটো আগবাঢ়িছে বুলি উল্লেখ কৰি বিধায়কজনে কয় যে অক্টোবৰ মাহৰ পৰা পুনৰ প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে যোৰহাটৰ জুবিন ক্ষেত্ৰৰ স্মৃতি নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ প্ৰথম পৰ্যায়ৰ ৬.৫০ লাখ টকাৰ অনুদান দিয়া হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ধনৰাশিৰ বাবে আৱেদন কৰি থোৱা হৈছে বুলিও জনাইছে। ৰাইজৰ সহযোগিতাত জনপ্রিয় শিল্পীগৰাকীৰ স্মৃতি যোৰহাটবাসীয়ে জনমানসত সজীৱ কৰি ৰাখিব বুলি উল্লেখ কৰে। 

 

উল্লেখযোগ্য যে যোৰহাটৰ জুবিন ক্ষেত্ৰৰ কাম যোৱা এবছৰে সম্পূৰ্ণ নোহোৱাত যোৰহাটবাসীৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনপ্রিয় শিল্পীগৰাকীৰ সান্নিধ্যত থকা বন্ধু শিল্পী, অনুৰাগীসকলে যোৱা এটা বছৰে চৰকাৰৰ পৃষ্ঠপোষকতাত একো এটাও কাম কৰিব নোৱাৰাত আক্ষেপ প্ৰকাশ কৰিছে। অতি সোনকালে শিল্পীগৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি গঢ়ি তুলিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনাইছে। উল্লেখযোগ্য যে জনতাৰ মনৰ মাজত সোমাই থকা প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু বার্ষিকী মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ যোৰহাট নগৰৰ লগতে উপকণ্ঠ এলেকাত আয়োজন কৰিছে। পশ্চিম যোৰহাটৰ অজন্তা বাইপাছত নগৰলৈ সোমোৱা অংশত জুবিন গাৰ্গৰ পূৰ্ণাংগ মূর্তি নিৰ্মাণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। 

 

ইফালে জুবিন গাৰ্গৰ সত্তাক জীয়াই ৰখাৰ সংকল্পৰে ১৯ ছেপ্টেম্বৰত চাৰিগাঁও মৌজাৰ যুৱকসকলৰ উগ্যোগত চাৰিগাঁও গাঁও উন্নয়ন সমিতি আৰু চাৰিগাঁও উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ সহযোগত মৃত্যু বার্ষিকীৰ আয়োজন কৰিছে। জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই মৃত্যু তিথি দিনাই নাওবৈছা বচা চুক, বৰা চুক আৰু নতুন নামঘৰৰ ৰাইজৰ সহযোগত 'ভাগৱত দর্শন' ভাওনা নাওবৈছা বচা চুকৰ নামঘৰত আয়োজন কৰিছে। সেইদৰে চাৰিগাঁও বেবেজীয়া গাঁৱৰ ৰাইজেও দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ মৃত্যু বার্ষিকী আয়োজন কৰিছে। যোৰহাটৰ নগৰ তথা গ্রামাঞ্চলত ১৯ ছেপ্টেম্বৰত শিল্পীগৰাকীক স্মৰণ কৰি বহু ঠাইত আয়োজন কৰিছে মৃত্যু বার্ষিকী।

Share This