কাৰ্বি আংলঙৰ ডকমকাৰ লোমহর্ষক ঘটনা: নগাঁৱৰ সত্ৰ আদালতৰ ৰায়দান, অভি-নীল হত্যাকাণ্ড, ২০জনক দোষী সাব্যস্ত

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: সমগ্র দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ কালি নগাঁও জিলা সত্র আদালতে চূড়ান্ত ৰায়দান কৰে। সুদীর্ঘ প্রায় আঠ বছৰৰ অন্তত কালি আদালতে এই গোচৰটোৰ ৰায়দান দিয়ে যদিও অহা ২৪ এপ্রিলত আদালতে দোষী সাব্যস্ত হোৱাসকলৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে। নগাঁও সত্র আদালতত ৭ বছৰৰো অধিক কাল চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে বহু প্রতীক্ষিত এই নৃশংস হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান প্রদান কৰে। 

আদালতে সত্র (টি-১) ৫৩ (এন)/১৮ নম্বৰৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত কালি এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ২০জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫ জনক দোষমুক্ত ঘোষণা কৰে। এই হত্যাকাণ্ডৰ লগত মুঠ ৪৮ জন অভিযুক্তৰ নাম সাঙোৰ খাইছিল যদিও তিনিজনক আদালতে জুবেইনাল হিচাপে ঘোষণা কৰিছিল। মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা সত্র ন্যায়াধীশৰ আদালতত এই গোচৰ চলি আছিল। আদালতে এই গোচৰত ৭১ গৰাকী লোকৰ সাক্ষ্য গ্রহণ কৰিছিল। বিভিন্ন কাৰণত এই বিচাৰ প্ৰক্ৰিয়া লেহেম হোৱাত ভুক্তভোগীৰ পৰিয়াল, অভি-নীলৰ সমৰ্থকসকল হতাশ হৈছিল যদিও তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিল। 

শেহতীয়াকৈ প্রায় দুমাহ ধৰি এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হোৱাৰ পিছত কালি আদালতে এই ৰায় ঘোষণা কৰে। দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে ২৪ এপ্রিলত শাস্তি আদালতে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। কালি আদালতে দোষী সাব্যস্ত কৰা ২০ গৰাকী হ'ল বিশ্বৰাম স্বর্গীয়াৰী, এলফাজজ টিমুং, পানথেং বসুমতাৰী, ইনছেন ইংতি, ৰাইকম টিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেকটে, এনছ টিমুং, প্রেছ টিমুং, ৰূপসিং ক্র, ধন মেচ, বাবুসিং ক্র, বিক্রম হান্সে, চিকাৰী ৰংপী, বাবু ৰংপী, বিদ্যাসিং ৰংপী, মেনসিং ক্র, দীপজ্যোতি বসুমতাৰী, ওৱাৰেশ ৰংপী আৰু ওন্দা মেচ। এই দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে ১৪৩, ১৪৭, ৩০২/১৪৯, ১৮৬, ১৪৯ আৰু ৩৩২/১৪৯ ধাৰা সন্নিৱিষ্ট হৈছে। 

উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত কার্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী যুৱক অভিজিত নাথ আৰু নিলোৎপল দাসক হত্যা কৰিছিল। সেইদিনা এই প্রকৃতিপ্রেমী দুই যুৱক পাণজুৰি গাঁৱৰ নাতিদূৰৈৰ কাৰ্বি পাহাৰৰ নৈসর্গিক শোভা উপভোগৰ বাবে আহিছিল। নৈসর্গিক শোভা উপভোগ কৰি গুৱাহাটীলৈ ওভতাৰ পথত সোপাধৰাৰ সন্দেহত সেইদিনা সন্ধিয়া পাণজুৰি গাঁৱৰ এদল উন্মাদ লোকে প্রকৃতিপ্রেমী তেজাল যুৱক দুজনৰ ওপৰত জঁপিয়াই পৰে। এই দুই যুৱকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো দলটোৱে তেওঁলোকক ৰেহাই দিয়া নাছিল। ফলত দুই যুৱকে নৃশংসতাৰ বলি হৈ কৰুণ মৃত্যুক সাবটি লয়। 

অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্র ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত ৰাজ্যখনৰ লগতে দেশ- বিদেশৰ বিভিন্ন স্থানত ইয়াৰ প্রতিবাদ হৈছিল। লগতে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছিল। অসমৰ উজনি-নামনি সর্বত্র অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল ৰাইজে। পৰৱৰ্তী সময়ত ডকমকা আৰক্ষী থানাই এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত ক্ষিপ্ৰতৰ কৰি তুলি ৪৮ লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ঘটনা সন্দৰ্ভত ৮০০ পৃষ্ঠাৰ এক অভিযোগনামা ডকমকা আৰক্ষী থানাৰ তদন্তকাৰী বিষয়াই কার্বিআংলং জিলাৰ ডিফু আদালতত দাখিল কৰে। 

আনহাতে অভি-নীলৰ পিতৃ-মাতৃয়ে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক লেখ আৱেদনৰ ভিত্তিত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত নগাঁও আদালতলৈ প্ৰেৰণ কৰে। উক্ত ৪৮জন অভিযুক্তৰ ভিতৰত প্রথম অৱস্থাত এজন আৰু পৰৱৰ্তী সময়ত আন দুজন নাবালক বুলি প্রমাণিত হোৱাত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া জুবেইনাল আদালতলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰা নগাঁও আদালতত ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলি আছিল। তদুপৰি অভিযুক্তসকল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল। প্রায় ৮ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াত বাদী-বিবাদী পক্ষৰ অধিবক্তাৰ যুক্তি তর্ক, সাক্ষীৰ সাক্ষ্যগ্রহণ আৰু শুনানিৰ অন্তত কালি নগাঁও সত্ৰ আদালতৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্তই গোচৰটোৰ চূড়ান্ত ৰায়দান ঘোষণা কৰে। 

আদালতত উপস্থিত থকা চৰকাৰী পক্ষৰ অধিবক্তা জিয়াউল কামাৰ আৰু আচামী পক্ষৰ অধিবক্তা মানস শৰণীয়াই ৰায়ৰ সন্দৰ্ভত নিজৰ নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰে। উপযুক্ত প্ৰমাণৰ অভাৱত আদালতে দোষমুক্ত কৰা অভিযুক্তসকল হ'ল বিজু বসুমতাৰী, ধনদা মেচ, সৰুকণ স্বর্গীয়াৰী, ৰাম স্বর্গীয়াৰী, উমেশ খাকলাৰী, সঞ্জয় টেৰাং, বৰসিং ক্ৰ', খনছিং বে, বিষুষ্ণুৰাম বড়ো, প্রেমছন ইংতি, ভাগ্যৰাম, খাকলাৰী, বিনোদ লহকৰ, মিলন খাকলাৰী, শচীন ওৰফে সুৰেন বড়ো, বিজয় স্বর্গীয়াৰী, বুবাই ৰাভা, অকণ দৈমাৰী, প্ৰতাপ ক্ৰ' , ৰবীন মেচ, পিটৰ ইংতি, লংছন টিমুং , ৰাজ ক্ৰ' , চাছথেনেচ টিমুং , জন ইংতি আৰু বিপুল খাকলাৰী।

Share This