ডিজিটেল ডেস্ক : অতিৰিক্ত সময়ত কুশলী ষ্ট্ৰাইকাৰ অভিষেক পাৱাৰে দিয়া বিজয়সূচক গ'লৰ (১-০) সহায়ত ছার্ভিচেজ দলে ৭৯সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডত বিজয়ীৰ সন্মান অর্জন কৰে। তেনেদৰেই সর্বাধিক অষ্টমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অর্জন কৰা ছার্ভিচেজে কালি ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্রীড়াক্ষেত্রত অনুষ্ঠিত চূড়ান্ত খেলত চিৰন্তন প্রতিদ্বন্দ্বী কেৰালাক ১-০ গ'লত পৰাজিত কৰে।
দিনৰ দুই বজাত আৰম্ভ হোৱা তীব্র প্রতিদ্বন্দ্বিতাৰে পৰিপূৰ্ণ চূড়ান্ত খেলখনত উভয় দলে ৰক্ষণাত্মক কৌশলক অধিক প্রশ্রয় দিয়াৰ মাজেৰে সাৱধানে আক্রমণ-প্রত্যাক্রমণ চলাই গৈছিল যদিও নির্ধাৰিত সময়লৈ গ'লৰ মুখ নেদেখিলে। ফলত খেল অতিৰিক্ত সময়লৈ যায়। সেইটো পর্বত উভয় দলৰ গ'ল দিয়াৰ প্ৰচেষ্টা জোৰদাৰ হোৱাৰ মাজতে খেলৰ ১০৯ মিনিটত শুভম ৰাণাই বক্সৰ সোঁদিশৰ পৰা দিয়া এটা ক্ৰছক কেৰালাৰ ৰক্ষণ বিভাগে ক্লীয়েৰ কৰিবলৈ ব্যর্থ হোৱাত বক্সৰ মাজৰ পৰা অভিষেক পাৱাৰে ছার্ভিচেজৰ হৈ একমাত্র তথা বিজয়সূচক গ'লটো দিয়ে।
পৰৱৰ্তী সময়ত কেৰালাই সমতা স্থাপনৰ বাবে প্রচেষ্টা জোৰদাৰ কৰিছিল যদিও ৰেফাৰীয়ে শেষ হুইচেল মৰা পৰ্যন্ত ছার্ভিচেজৰ সুশৃংখলিত ৰক্ষণ বিভাগত সুৰুঙা উলিয়াব নোৱাৰিলে। প্রতিযোগিতাৰ অন্তত সৰ্বভাৰতীয় ফুটবল সন্থাৰ কোষাধ্যক্ষ অজয় কিপাই অসমে সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ড সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনায়।