আই চি চি টি-২০ ৰেংকিং, অভিষেক, বৰুণ, হার্দিকৰ শীৰ্ষস্থান অক্ষত

dainik janambhumi September 25, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় ত্রিমূর্তি অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া, তাৰকা স্পীনাৰ বৰুণ চক্রৱর্তী আৰু আক্রমণাত্মক অ'পেনাৰ অভিষেক শর্মাই শেহতীয়াকৈ ঘোষিত আই চি চি টি-২০ ৰেংকিঙত নিজ নিজ শীর্ষস্থান অক্ষত ৰাখিছে। যোৱা সপ্তাহত ১ নম্বৰৰ বলাৰত পৰিণত হোৱা বৰুণে ৭৪৭ পইন্ট গোটাই নিজৰ শীৰ্ষস্থান ধৰি ৰাখিছে।

ইফালে, হার্দিকে অলৰাউণ্ডাৰৰ তালিকাত নিজৰ প্ৰথম স্থান অক্ষত ৰাখিছে। আনহাতে, বেটাৰৰ তালিকাত অভিষেকে শীর্ষস্থানতে ৰৈছে। অভিষেকে চলিত এছিয়া কাপত ওমানৰ বিৰুদ্ধে খৰতকীয়াকৈ ৩৮ আৰু পাকিস্তানৰ বিপক্ষে মেচজয়ী ৭৪ ৰানৰ ইনিংছ খেলে। ইফালে, পাকিস্তানৰ বিৰুদ্ধে খেলখনত ১৯টা বলত অপৰাজিত ৩০ ৰান কৰি তিলক বাৰ্মাই ১টা স্থান আগুৱাই তৃতীয় স্থানলৈ উন্নীত হৈছে।

Share This