শপত লৈয়ে তিনিটা নিৰ্দেশত স্বাক্ষৰ বিজয়ৰ, তামিলনাডুত মহিলাৰ সুৰক্ষাৰ বাবে একশ্যন ফ'র্চ

dainik janambhumi May 11, 2026

ডিজিটেল ডেস্ক: তামিলনাডুত কালি চি যোছেফ বিজয়ে মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পাছতে শপতগ্ৰহণ সমাৰোহৰ মঞ্চতে তিনিটা নির্দেশত স্বাক্ষৰ কৰে। তেওঁ প্রথমে ৰাজ্যখনৰ ঘৰুৱা উপভোক্তাক প্রতিমাহে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰাৰ ফাইলত স্বক্ষাৰ কৰে। তেওঁ ইয়াৰ পাছত মহিলাসকলৰ নিৰাপত্তা অধিক শক্তিশালী কৰাৰ কাৰণে একে 'ছিংগা পেন' বিশেষ একশ্যন ফ'ৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰে। এই একশ্যন ফ'র্চে মহিলাসকলে উত্থাপন কৰা অভিযোগৰ লগে লগে ব্যৱস্থা গ্রহণ কৰিব। 

উল্লেখযোগ্য যে 'ছিংগা পেন'ৰ অৰ্থ হ'ল সাহসী মহিলা। এই বাহিনীটোৱে বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰ লগতে মহিলাসকলৰ বাবে এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰাৰ বাবে অত্যাধুনিক সুবিধাৰে সজ্জিত হ'ব। মহিলাসকলৰ সুৰক্ষাৰ লগতে ৰাজ্যখনক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ প্ৰতিৰোধ কৰাৰ কাৰণে 'এণ্টি নার্ক'টিক্স টাস্ক ফ'ৰ্ট গঠন কৰা হ'ব। এই টাস্ক ফ'চেও মহিলাসকলৰ বিৰুদ্ধে অপৰাধ হ্রাস কৰাত সহায় কৰিব। 

শপতগ্ৰহণৰ পাছত বিজয়ে দিয়া প্রথমটো ভাষণত কয়, 'মোৰ চৰকাৰত মহিলাসকল সুৰক্ষিত হ'ব, আইন-শৃংখলা ব্যৱস্থাৰ সৈতে কোনো ধৰণৰ বুজা-পৰা কৰা নহ'ব।' তেওঁৰ চৰকাৰে মহিলাৰ সুৰক্ষাত সৰ্বাধিক গুৰুত্ব দিব বুলি উল্লেখ কৰি বিজয়ে কয় যে ড্রাগন্থ সংস্কৃতি নিয়ন্ত্ৰণৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব। তেওঁ লগতে কয় যে ৰাজ্যখনক পূৰ্বৰ চৰকাৰে দহ লাখ কোটি টকাৰ ধাৰত পোত খুৱাই থৈ গৈছে। পূৰ্বৰ চৰকাৰে কাৰ্যালয় এৰাৰ আগতে সম্পূৰ্ণ ৰাজভঁৰাল খালী কৰি থৈ গৈছে। তেওঁ এই বিষয়ত এখন শ্বেতপত্র প্রকাশ কৰিব বুলিও কয়। তেওঁ কয়, 'মই যদি কাৰোবাক লগ ধৰিব লাগে, তেতিয়া কেতিয়াও গোপনে বা বন্ধ দুৱাৰৰ পাছত জনসাধাৰণে নজনাকৈ লগ নধৰোঁ। মই যি কৰিম স্বচ্চভাৱে কৰিম। মোক ইমান ডাঙৰ দায়িত্ব দিয়া হৈছে, সেয়েহে মোক কিছু সময়ৰ প্রয়োজন হ'ব। মই লাহে লাহে মোৰ প্রতিশ্রুতিসমূহ পালন কৰিম। ইয়াৰ বাবে আপোনালোকৰ সহযোগ আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব।' তেওঁক হাৰাশাস্তি কৰা বা অপমানিত কৰাসকলকে ধৰি তামিলনাডুৰ সকলো ৮ কোটি লোক তেওঁৰ নিজৰ বুলি ভাষণত কয়। তেওঁ ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য, পথ আৰু খোৱাপানীৰ দৰে মৌলিক সুবিধাসমূহ অধিক উন্নত কৰাত সৰ্বাধিক গুৰুত্ব দিব বুলি কয়। তেওঁ নিজকে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা বুলি উল্লেখ কৰি বিজয়ে কয়, 'মই আপোনালোকৰ মাজৰে এজন, একেবাৰে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ দৰে, আপোনালোকৰ ভাতৃ, সন্তানৰ দৰে।' 

বিজয়ে কয়, 'ৰাজ্যখনত মোৰ বাদে ক্ষমতাৰ আন কোনো কেন্দ্র নাথাকিব। ময়েই ক্ষমতাৰ একমাত্ৰ কেন্দ্ৰ হ'ম।' জনসাধাৰণে তেওঁ মামা আৰু থাম্বী বুলি দিয়া সম্বোধনক বিনম্রতাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ৰাজ্য চৰকাৰৰ নীতিৰ বাবে তেৱেঁইে জবাবদিহি হ'ব।

Share This