শিমলাৰ গৃহভূমিত জনপ্রিয় অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

dainik janambhumi April 24, 2025

ডিজিটেল ডেস্ক : মণি বৌৰ লগত জোৰা দি সন্দেহ কৰি ৰং চাবলৈ বসু দা আৰু বেহাৰবাৰী আউটপ'ষ্টলৈ ঘূৰি নাহে। মদাহী ছাৰ বুলি মাতি সেইজনে সকলোৰে আগত অপ্ৰস্তুত কৰি দিবলৈ বসু দাই আৰু কেতিয়াও মোহনক সুবিধা নিদিয়ে। কাৰণ এই পৃথিৱীৰ মায়া এৰি, 'বেহাৰবাৰী আউটপ'ষ্ট'ৰ মৰম এৰি বসু দা অৰ্থাৎ ফেইলাও বসুমতাৰী গুচি গ'লগৈ অজান দেশলৈ, কোনোদিন ঘূৰি নহাৰ বাটেৰে। দীর্ঘদিন যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা বেহাৰবাৰী আউটপ'ষ্টৰ জনপ্রিয় অভিনেতাজনে মঙলবাৰে নিশা ডাউন টাউন হস্পিটেলত শ্বাস-প্রশ্বাসজনিত কাৰণত মৃত্যুক সাবটি লয়। 

বুধবাৰে পুৱা বসু দাৰ নশ্বৰ দেহ মহানগৰীৰ গড়চুকৰ বাসগৃহৰ পৰা বাক্সাৰ শিমলাৰ নিজৰ আপোন ঘৰলৈ লৈ যোৱা হয় আৰু অসংখ্য গুণমুগ্ধৰ উপস্থিতিত বড়ো সমাজৰ নিয়ম-নীতিৰে জনপ্রিয় অভিনেতাজনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে বাক্সাৰ শিমলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত ৰাজ্যৰ সাংস্কৃতিক জগতখনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বসুমতাৰীৰ সংগীতৰ ক্ষেত্রখনতো আছিল অগাধ দখল। সংগীত চৰ্চাৰ বাবে এসময়ত মুম্বাইত থাকি লোৱা শিল্পীজনৰ গানৰ এটা ভিডিঅ' অলপতে মুকলি হৈছিল। পত্নীৰ উপৰি পুত্র-কন্যাক এৰি যোৱা বসুমতাৰীৰ বাসগৃহত বড়ো সাহিত্য সভা, এবছু, জাৰিমু আকাছৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে উপস্থিত হৈ শিল্পীজনৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। 

আনহাতে, মহানগৰীৰ সুন্দৰপুৰস্থিত বেহাৰবাৰী আউটপ'ষ্টৰ শ্বুটিংস্থলীত কলা-কুশলীসকলে বসুমতাৰীৰ ফটোত মাল্যার্পণ কৰি ধূপ-চাকি জ্বলাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কালি তেওঁৰ প্ৰতি সন্মান জনাই বেহাৰবাৰী আউটপ'ষ্টৰ শ্বুটিং বন্ধ ৰখা হয়। শিল্পীজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা প্ৰাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে কয় যে পৰিয়ালৰ সদস্যৰ দৰে ফেইলাও বসুমতাৰীৰ মৃত্যুৰ বাতৰি অত্যন্ত বেদনাদায়ক। যিজন মানুহে সকলোকে হঁহুৱাই আছিল তেওঁৰ কাৰণে আজি সকলোৱে কান্দিব লগা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বসুমতাৰীৰ মৃত্যু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি। ড° নাৰায়ণে লগতে এই বুলিও কয় যে ৰেঙণি পৰিয়াল, বেহাৰবাৰী আউটপ'ষ্টে তেওঁৰ অভাৱ গভীৰভাৱে অনুভৱ কৰিব আৰু তেওঁৰ দৰে শিল্পীৰ বিকল্প পোৱা নাযাব। এ এম টেলিভিছনৰ গ্ৰুপ প্ৰেছিডেন্ট ডাঃ অক্ষতা নাৰায়ণ, ৰেঙণিৰ মুৰব্বী ৰাজেশ ভূঞা, বেহাৰবাৰী আউটপ'ষ্টৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাৰ লগতে অসমৰ অত্যন্ত জনপ্রিয় ধাৰাবাহিকখনৰ সমূহ কলা-কুশলীয়ে বসুমতাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো ফেইলাও বসুমতীৰীৰ মৃত্যুত শোক প্রকাশ কৰে।

Share This