ডিজিটেল ডেস্ক: কলি ইন্টিগ্রিটি নামৰ কেপছুলত উঠি চাৰিজন মহাকাশচাৰীয়ে পৃথিৱীৰ কক্ষপথ এৰি আৰমেটিছ-২ চন্দ্র অভিযান আৰম্ভ কৰে। এই অভিযান হৈছে ৫৪ বছৰৰ পাছত প্রথম মানুহ যোৱা চন্দ্ৰ অভিযান।
১৯৭২ চনৰ ডিচেম্বৰত এপল' ১৭ অভিযানৰ পাছত এই প্ৰথমবাৰ মানুহ চন্দ্রলৈ যাব বাবেই এই অভিযান ঐতিহাসিক। কিন্তু এই বিশেষ কথাটোৰ বাহিৰেও এই অভিযানৰ সৈতে আন কেইবাটাও বিশেষ কথা আছে। চন্দ্ৰৰ সিপাৰে ৬,৪০০ কিল'মিটাৰ আঁতৰলৈ উৰি আৰমেটিছ-২এ পৃথিৱীৰ পৰা সৰ্বাধিক আঁতৰলৈ উৰা এপল'-১৩ৰ অভিলেখ ভংগ কৰিব বুলি ভবা হৈছে। প্রতি ঘণ্টাত প্রায় ৪০ হাজাৰ কিল'মিটাৰ এটম'স্ফেৰিক ৰি-এন্ট্রি বেগেৰে এইখন হ'ব ইতিহাসত আটাইতকৈ দ্রুতবেগী মানুহ থকা মহাকাশ যান।
উল্লেখযোগ্য যে এটম'স্ফেৰিক ৰি-এন্ট্রি বেগ হৈছে এখন যানে মহাকাশৰ পৰা কোনো গ্রহ-উপগ্ৰহৰ বায়ুমণ্ডল/পৰিৱেশত যি বেগেৰে প্ৰৱেশ কৰে। কিন্তু এই অভিযানত যি পৰীক্ষা কৰিবলৈ যোৱা হৈছে তালৈ চাই এই অভিলেখ নগণ্য। মহাকাশ যানত মানুহ থাকোঁতে লাইফ ছাপ'র্ট, দিশ নির্ণয় আৰু যোগাযোগ ব্যৱস্থাকে ধৰি মহাকাশৰ কিমান গভীৰলৈ যোৱাৰ ক্ষমতা নাছাৰ আছে সেয়া প্ৰথমবাৰৰ বাবে আৰমেটিছ-২এ পৰীক্ষা কৰিব। সফল পৰীক্ষাই অধিক সুৰক্ষিত আৰু অধিক দক্ষতাৰে মহাকাশৰ গভীৰলৈ কৰা ভ্ৰমণৰ নিশ্চয়তা দিব। ইয়াৰ ফলত কেৱল চন্দ্ৰ অভিযানৰেই উপকাৰ নহ'ব, মঙল গ্ৰহত মানুহক অৱতৰণ কৰোৱাৰ নাছাৰ উচ্চাকাংক্ষাক কাষলৈ চপাই ভৱিষ্যতৰ আন্তঃগ্ৰহ অন্বেষণত সহায় কৰিব।