ডিজিটেল ডেস্ক : পৃথিৱীৰ ভিতৰতে চাহ আৰু সুৰা সৰ্বাধিক সেৱন কৰা হয়। সুৰাৰ ব্যৱসায় ইমানেই ডাঙৰ যেন এখন সৰু দেশৰ জি ডি পিৰ সমান। অৰ্থাৎ সুৰাৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন হয়। অৱশ্যে কিছুমান দেশত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰায়বোৰ ইছলামিক দেশতে এনে নিয়ম প্ৰণয়ন কৰা হৈছে। এতিয়া তেনে এখন মুছলমান দেশে সুৰাৰ নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।
দৰাচলতে ছৌদি আৰবে এতিয়া প্ৰায় ৭৩ বছৰৰ পাছত মদ্যপানৰ নিষেধাজ্ঞা উঠাই লৈছে। এইটো এটা ডাঙৰ সিদ্ধান্ত বুলি অভিহিত কৰা হৈছে। ছৌদি আৰবে নিজৰ কঠোৰ আইন অহৰহ সলনি কৰি আছে আৰু পৰ্যটনক এক ডাঙৰ সুযোগ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। এই সিদ্ধান্তও এই ক্ৰমত গ্ৰহণ কৰা হৈছে। অৱশ্যে এতিয়াও চৌদি আৰবৰ লোকৰ বাবে সুৰা নিষিদ্ধ।
এতিয়া যদি আপুনি ভাবিছে যে ভাৰত বা আন যিকোনো দেশৰ দৰে চৌদি আৰবতো আপুনি সুৰাৰ দোকানলৈ গৈ সুৰা কিনিব পাৰে তেন্তে আপুনি ভুল ভাবিছে। আচলতে ইয়াত এই ব্যৱস্থা কেৱল পৰ্যটকৰ বাবে কৰা হৈছে। এতিয়াও ঘৰত সুৰা ৰখা আৰু বজাৰত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ বাবে অনুজ্ঞা-পত্ৰ দিয়া হ’ব, যাতে বৃহৎ পৰ্যটন প্ৰকল্পত সুৰা পৰিৱেশন কৰিব পৰা যায়।
ছৌদি আৰবত কম পৰিমাণৰ এলকহল থকা সুৰাহে উপলব্ধ হ’ব। অৰ্থাৎ বিয়েৰ বা ভডকাৰ দৰে পানীয় উপলব্ধ হ’ব। ২০%তকৈ অধিক এলকহল থকা পানীয় সম্পূৰ্ণৰূপে নিষিদ্ধ। এই সুৰা দেশৰ প্ৰায় ৬০০ স্থানত উপলব্ধ হ’ব বুলি কোৱা হৈছে।
কোনবোৰ দেশত নিষিদ্ধ কৰা হৈছে সুৰা?
বিশ্বৰ বহু দেশত আজিও সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। ইয়াৰ ভিতৰত ব্ৰুনাই, ছোমালিয়া, ইৰান, লিবিয়া, কুৱেইটৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও চুবুৰীয়া দেশ পাকিস্তানতো সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৰ্থাৎ মুছলমান দেশৰ অধিকাংশই ধৰ্মৰ ভিত্তিত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। অৱশ্যে কিছুমান দেশে এতিয়া পৰ্যটনক গুৰুত্ব প্ৰদান কৰি এই নিয়মবোৰ অলপ শিথিল কৰিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল