ডিজিটেল ডেস্ক : টাই-আহোম জনগোষ্ঠীক শীঘ্রে অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীত কালি সন্ধিয়া পঁচিশ সহস্রাধিক আহোম জনগোষ্ঠীয় লোকে শদিয়াৰ আকাশ-বতাহ কঁপাই তোলে। নির্দিষ্ট কোনো দল-সংগঠনৰ নেতৃত্বৰ পৰিৱৰ্তে শদিয়াত বসবাস কৰা টাই আহোম জনগোষ্ঠীয় ৰাইজে কালি স্বতঃস্ফূর্তভাবে ওলাই আহি জনজাতিকৰণৰ দাবীত প্রতিবাদী জোঁৰ সমদল কাৰ্যসূচীৰ ৰূপায়ণ কৰে। শদিয়াৰ ঐক্যবদ্ধ টাই আহোম সমাজে কালি শদিয়া সমজিলাৰ সদৰ চপাখোৱাস্থিত বীৰ লাচিত স্টেডিয়ামৰ পৰা শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈকে প্রায় তিনি কিল'মিটাৰ পথত বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।
'টাহ আহোম জনগোষ্ঠীক অতিশীঘ্ৰে অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰক, জনজাতিকৰণ টাই আহোমৰ ন্যায্য দাবী, টাই আহোমক সাংবিধানিক, গণতান্ত্রিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰে নির্বাচনী প্রতিশ্রুতি পালন কৰক, এছ টি আৱাৰ লিগেল ডিমাণ্ড, ফুলফিল আৱাৰ লিগেল ডিমাণ্ড, ন' এছ টি ন' ৰেষ্ট, চ্যুকাফাৰ না-নাতিক বাৰে বাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব, চৰকাৰৰ ল'ৰা-ধেমালি বন্ধ কৰক, মৰিলেও মৰি যাম, জনজাতি লৈ যাম, বুকু পাতি গুলী খাম, জনজাতি লৈ যাম' ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে শদিয়াৰ টাই আহোমৰ মলুংসকলে মাংগলিক ৰীতি-নীতিৰে ফুৰালুং পূজা সম্পন্ন কৰি আন্দোলনৰ সফল ৰূপায়ণৰ বাবে প্রথমে আই চিং লাও পৰিৱেশন কৰি জনমিং (আশীর্বাদ) প্রদান কৰে আৰু কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ইয়াৰ পাছতে সদ্যপ্রয়াত হার্টথ্রব জুবিন গাৰ্গ আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা প্ৰতিগৰাকী দোষীকে উচিত শাস্তি বিহিবলৈ শদিয়াৰ ঐক্যবদ্ধ টাই-আহোম সমাজে সমস্বৰে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে কাৰ্যসূচীৰ আয়োজক তথা শদিয়াৰ ঐক্যবদ্ধ টাই আহোম সমাজৰ হৈ অন্যতম আহ্বায়ক মনোৰঞ্জন গগৈয়ে কাৰ্যসূচীৰ সন্দর্ভত বক্তব্য আগবঢ়ায়।
টাই আহোমৰ প্রতীক উৰন্ত ড্ৰেগনৰ চিত্ৰ সম্বলিত মুগাৰঙী পতাকাৰ তলত ৰাইজ সমৱেত হৈ পুলিন-পুথাওসকলৰ আশিস শিৰত লৈ জোঁৰ সমদল কাৰ্যসূচী আৰম্ভ কৰে। পঁচিশ সহস্রাধিক লোকে প্রায় তিনি কিল'মিটাৰ পথ পদব্রজে সম্পূর্ণ শান্তিপূর্ণ, শৃংখলাবদ্ধভাৱে অতিক্রম কৰি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে বিভিন্ন শ্ল'গান দি শেষত শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰ্যসূচীৰ সামৰণি মাৰে। সামৰণিৰ কাৰ্যসূচীতো বৰ অসমৰ পিতৃপুৰুষ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিৰ তলত সকলো টাই আহোম জনগোষ্ঠীয় ৰাইজ সমবেত হৈ জনজাতিকৰণ নোপোৱা পর্যন্ত এই সংগ্রাম অবিৰতভাৱে চলাই নিবলৈ প্রতিজ্ঞাবদ্ধ হয়। লগতে আহোম চাওফাসকলে গঢ়ি যোৱা বৰ অসমখনত সকলো খিলঞ্জীয়া আৰু ভূমিপুত্রই অনাদি-অনন্ত কাললৈ যাতে মিলা-প্রীতিৰে বসবাস কৰি সকলো ক্ষেত্রতে আধিপত্য বিস্তাৰ কৰি ৰাখিব পাৰে, তাৰ বাবে চ্যুকাফাৰ প্ৰতিচ্ছবিৰ তলত সমৱেত হৈ শপত লয়।