এ আয়ে ভাৰতলৈ আনিছে সু-খবৰ ,৫ বছৰত কেইবা কোটি নতুন চাকৰিৰ সম্ভাৱনা...........
Dainik Janambhumi
November 19, 2024
ডিজিটেল ডেস্কঃ ভাৰতত অহা পাঁচ বছৰত চাকৰিৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ছার্ভিচনাওৰ এখন প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, অহা চাৰি বছৰত অৰ্থাৎ ২০২৮ চনলৈ কত্রিম বুদ্ধিমত্তা আৰু প্রযুক্তিখণ্ডত কেইবা লাখ চাকৰিৰ সৃষ্টি হ'ব। প্রতিবেদনখনৰ মতে, ২০২৮ চনলৈ ভাৰতত চাকৰি কৰা মুঠ লোকৰ সংখ্যা ৪৫.৭২ কোটি হ'বগৈ। যোৱা বছৰ দেশখনত চাকৰি কৰা লোকৰ সংখ্যা আছিল ৪২.৩৭ কোটি। সেই হিচাপত পাঁচ বছৰত দেশত চাকৰি কৰা লোকৰ সংখ্যা ৩.৩৮ কোটি বৃদ্ধি পাব।
ইয়াৰ প্ৰধান কাৰণ হ'ল ভাৰতীয় অর্থনীতিয়ে দ্রুত গতিত আগবঢ়াটো আৰু প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰিবলৈ লোৱাটো। প্রযুক্তিখণ্ডত সৰ্বাধিক ২৭.৩ লাখ নতুন চাকৰিৰ সৃষ্টি হ'ব। ইয়াৰ পাছতে উৎপাদন খণ্ডত প্রায় ১৫ লাখ আৰু শিক্ষাখণ্ডত সৃষ্টি হ'ব প্রায় ৮০ হাজাৰ চাকৰি।ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে প্রযুক্তিৰ উন্নতি আৰু অর্থনৈতিক উন্নয়নে ভাৰতত চাকৰিৰ চাহিদা যথেষ্ট বৃদ্ধি কৰিব। ইয়াৰ বাবে দেশখনত চাকৰি বিচাৰি ফুৰা লোকসকলে নিজৰ দক্ষতা বৃদ্ধি কৰিব লাগিব।
ছার্ভিচনাওৰ মতে, ভাৰতে নতুন চাকৰিৰ সৃষ্টিত কৃত্রিম বুদ্ধিমত্তাই (এআই) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি ভাৰতত এ আইৰ ব্যৱহাৰে নতুন সুযোগৰ সৃষ্টি কৰিব। জেনেৰেটিভ এ আয়ে ভাৰতত চাকৰিৰ বজাৰখনলৈ পৰিৱৰ্তন আনিব বুলি ইয়াত কোৱা হৈছে। ইয়াৰ কাৰণ হ'ল জেনেৰেটিভ এ আয়ে অভিযন্তাসকলক যথেষ্ট সহায় কৰিব। কোনো এটা আঁচনি হাতত লোৱাৰ সময়ত আৰু পাছত ইয়াৰ ৰূপায়ণৰ বিষয়ে আলোচনা-বিলোচনা, পৰিকল্পনা আদি কৰোঁতে ব্যয় হোৱা সময় এ আইৰ ব্যৱহাৰে ৰাহি কৰিব। প্রতিবেদনখনত লগতে কোৱা হৈছে যে ছফ্টৱেৰ এপ্লিকেশান ডেভেলপমেন্ট আৰু ডাটা ইঞ্জিনীয়াৰসকলে তেওঁলোকৰ দক্ষতাৰ অধিক বিকাশ কৰিব লাগিব।
Share This