যোৰহাটৰ ঐশী প্ৰিশাই ল'লে 'বাল পুৰস্কাৰ' 

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল যোৰহাটৰ ছাত্ৰী। যোৰহাটৰ কেন্দ্ৰীয় বিদ্যালয়ৰ (আৰ আৰ এলৰ) প্রতিভাৱান ছাত্রী ঐশী প্রিশা বৰাই কালি নতুন দিল্লীৰ 'ভাৰত মণ্ডপম'ত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে শিশুৰ বাবে আগবঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান 'প্রধানমন্ত্রী ৰাষ্ট্ৰীয়' বাল পুৰস্কাৰ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিষয়ত ছাত্ৰীগৰাকীয়ে কৰা উদ্ভাৱনী প্রকল্পৰ বাবে দেশৰ এই সর্বোচ্চ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। 

ছাত্ৰীগৰাকীয়ে প্ৰাকৃতিক কৃষি আৰু উদ্ভাৱনীমূলক মালচিং কৌশলৰ দৰে পৰিৱেশ অনুকূল পদ্ধতিৰ উদ্ভাৱনৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে। কেন্দ্ৰীয় বিদ্যালয় ৩নং (আৰ আৰ এল) নৱম শ্ৰেণীৰ ছাত্ৰী ঐশী প্রিশা বৰাই ইয়াৰ পূৰ্বেও বিভিন্ন উদ্ভাৱনীমূলক কার্যত নিজকে নিয়োগ কৰি আহিছে। যোৰহাটৰ মেলেং মেটেলিৰ নিৱাসী উজ্জ্বল বৰা আৰু নীলিমা বৰাৰ কন্যা কালি নতুন দিল্লীত তেওঁৰ উদ্ভাৱনীমূলক কাৰ্যৰ বাবে দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ পৰা বিজ্ঞান ভৱনত এই সন্মান গ্রহণ কৰে। 

ইফালে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঐশী প্রিশা বৰাই বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিষয়ত প্রধানমন্ত্রী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীৰ পৰা লাভ কৰাত ছাত্ৰীগৰাকীক ধন্যবাদ জনাইছে। ছাত্ৰীগৰাকীৰ ভৱিষ্যৎ জীৱনৰ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কম বয়সতে বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ বাবে ঐশীয়ে কৰা প্রচেষ্টা অতিশয় প্রশংসনীয়। ইয়াৰ জৰিয়তে অন্য শিশু আৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ দৈনন্দিন জীৱনত পৰিৱেশৰ প্ৰতি দায়বদ্ধ কৰিবলৈ অনুপ্রাণিত কৰিব। 

ইফালে কালি সভাত ভাষণ আগবঢ়াই ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে বঁটা প্রাপকসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ সাফল্যই তেওঁলোকৰ পৰিয়াল, সম্প্রদায় আৰু জাতিটোক গৌৰৱান্বিত কৰি তুলিছে। তেওঁলোকৰ সাফল্যৰ বাবেই নহয়। তেওঁলোকৰ উৎকৃষ্টতা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাৰ বাবেও স্বীকৃতি দিয়া হৈছে বুলি কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে যে বঁটা বিজয়ীসকলৰ সাফল্যই সমগ্ৰ দেশৰ শিশুসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব আৰু তেওঁলোকক আত্মবিশ্বাস আৰু নিষ্ঠাৰে নিজক অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগাব। 

উল্লেখযোগ্য যে বৰাই ধাৰাবাহিকভাৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন প্রতিযোগিতা আৰু কৰ্মশালাত সাফল্য অর্জন কৰি আহিছে। তেওঁ ২০২৫ চনত দীননাথ পাণ্ডেৰ স্মার্ট আইডিয়া ইন'ভেশ্যন বঁটা লাভ কৰে। পেলনীয়া কাগজৰ পৰা পেঞ্চিল তৈয়াৰ কৰাৰ মেচিন আৰু ধূসৰ পানীৰ পুনৰ ব্যৱহাৰ ব্যৱস্থাকে ধৰি অভিনৱ সমাধান উলিওৱাৰ বাবে এই সন্মান লাভ কৰিছিল ছাত্ৰীগৰাকীয়ে। গুৱাহাটীৰ খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত দেওবাৰে সামৰণি পৰা উত্তৰ-পূব উদ্ভাৱন মহোৎসৱত অসমৰ ঐশী প্রিশা বৰাই ৰূপৰ পদক লাভ কৰে। ছাত্ৰীগৰাকী বৰ্তমান পিতৃৰ চাকৰি সূত্রে যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদৰ আৱাসৰ নিৱাসী। 

উল্লেখযোগ্য যে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ পৰিৱেশ, বিজ্ঞান প্রযুক্তিবিদ্যা, ক্রীড়া, সমাজসেৱা আদি বিষয়ত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক কালি এই পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ঐশী প্রিশা বৰা নতুন দিল্লীত আগন্তুক গণৰাজ্য দিৱসলৈ আমন্ত্রিত হৈছে আৰু তেওঁ ভবিষ্যতে চিকিৎসা শিক্ষাৰ বাবে কেন্দ্ৰীয় পুলৰ আসনৰ নিৰ্দিষ্ট সংৰক্ষণো লাভ কৰিব।

Share This