শিৰত সেন্দূৰ লৈ কাঁ মহোৎসৱ ২০২৫ত জিলিকিল অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন

Rashmi May 22, 2025

ডিজিটেল ডেস্ক : কাঁৰ 'গালা ইভেণ্ট'ৰ ৭৮ সংখ্যক সংস্কৰণত অংশ লৈ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে হাঁহিমুখৰে নমস্কাৰ জনাই সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অৱশেষত 'ৰেড কাৰ্পেট'ত খোজ দিলে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে। ঐশ্বৰ্য ৰায় বচ্চনৰ চৰ্চাৰ বিষয়টো হ'ল  কাঁ মহোৎসৱত তেওঁৰ শিৰত জিলিকাই লোৱা সেন্দূৰখিনি। 

'অপাৰেশ্যন সেন্দূৰ’ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি শিৰত জিলিকাই সেন্দূৰ লৈ ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে বিশেষ চৰ্চা লাভ কৰিছে। 'কাঁ মহোৎসৱ ২০২৫'ত অভিনেত্ৰী গৰাকীয়ে তেওঁৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে শাৰী, পৰম্পৰাগত ভাৰতীয় গহনা পিন্ধি, শিৰত সেন্দূৰ লৈ। ঐশ্বৰ্য ৰায় বচ্চনে ৰাজকীয় আভাস থকা হাতেৰে বোৱা বগা বানাৰসী শাৰী আৰু ৫০০ কেৰেট মোজাম্বিক ৰুবী আৰু 'আনকাট' হীৰাৰে তেওঁৰ 'লুক' সম্পূৰ্ণ কৰিছে। 

ইয়াতকৈ চৰ্চিত আন এটা দিশ হৈছে ঐশ্বৰ্যৰ শিৰৰ সেন্দূৰ। ঐশ্বৰ্যই ‘অপাৰেশ্যন সেন্দূৰ’ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি এইদৰে জিলিকাই সেন্দূৰ লৈছে বুলি এতিয়া চৌদিশে চৰ্চা চলিছে। আনহাতে কাঁ মহোৎসৱত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৌন্দৰ্যত মুহিত হৈ সকলোৱে অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰিছে।

Share This