ডিজিটেল ডেস্কঃ পঞ্চায়ত নির্বাচনক লৈ ৰাজ্যৰ সৰ্বত্রে ব্যাপক প্রচাৰ অভিযান চলিছে। পিছ পৰি থকা নাই মৰিয়নি বিধানসভা সমষ্টিও। সমষ্টিটোত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ সমানে সমানে কংগ্রেছ দলেও নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে।
২১খন গাঁও পঞ্চায়তৰ ২১০ টা ৱাৰ্ড, ২১খন আঞ্চলিক পঞ্চায়ত আৰু চাৰিখন জিলা পৰিষদৰ সদস্যৰ আসনৰ বাবে ব্যাপক নির্বাচনী প্ৰচাৰ চলিছে। মৰিয়নিত বিজেপিৰ অভিযান তুংগত উঠিছে। সমষ্টিটোৰ নকছাৰি জিলা পৰিষদ আৰু তাৰ অন্তৰ্গত ৬খন গাঁও পঞ্চায়তৰ আটাইকেইখনেই নিজৰ দখললৈ নিবলৈ তীব্র প্রচেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। ইয়াৰ গুৰি ধৰিছে বিধায়ক ৰূপজ্যোতি কুমিয়ে। নকছাৰি জিলা পৰিষদৰ প্ৰতিখন গাঁও পঞ্চায়তত আজি বিধায়ক ৰূপজ্যোতি কুর্মিয়ে বহুকেইখন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। নকছাৰি জিলা পৰিষদৰ অন্তৰ্গত ১৫ নং মধ্য নকছাৰি গাঁও পঞ্চায়ত, ১৮ নং কঠালগুৰি গাঁও পঞ্চায়ত, ১৯ নং বালিজান গাঁও পঞ্চায়ত, ৬০ নং মৰিয়নি বাগিচা গাঁও পঞ্চায়ত, ৬১ নং কাটনি গাঁও পঞ্চায়ত আৰু ৬ ২নং মূলাগাভৰু গাঁও পঞ্চায়তৰ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী দীপ চুড়ীক জয়ী কৰাবলৈ আহ্বান জনায়। সৰু সৰু সভাৰ যোগেদি ৰাইজৰ মাজলৈ সোমাই বিধায়ক কুর্মিয়ে বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিজেপিৰ প্ৰাৰ্থীৰ লগতে গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ বিজেপি সমর্থিত নির্দলীয় প্রার্থীসমূহক জয়ী কৰাবলৈ আহ্বান জনায়। বিধায়ক ৰূপজ্যোতি কুর্মিয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মৰিয়নি সমষ্টিবাসী ৰাইজে বিজেপিৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰাব। সমষ্টিটোৰ চাৰিওখন জিলা পৰিষদ আৰু - আঞ্চলিক পঞ্চায়ত বিজেপি দলে দখল কৰাটো নিশ্চিত বুলিও তেওঁ লগতে দাবী কৰে। তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কাম-কাজসমূহ দেখি ৰাইজ বিজেপি দলৰ প্ৰতি অধিক আশ্বস্ত হৈছে। ফলত ৰাইজক বেছিকৈ নুবুজোৱাকৈয়ে ৰাইজৰ সঁহাৰি লাভ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে, সমষ্টিটোত যথেষ্ট উন্নয়নমূলক কাম হোৱা বুলি উল্লেখ কৰি বিধায়ক কুর্মিয়ে যিসমূহ ঠাইত উন্নয়ন হোৱা নাই, সেই ঠাইসমূহত নিজৰ কার্যকালতেই উন্নয়ন কৰিব বুলিও কুর্মিয়ে প্রতিশ্রুতি দিয়ে। ইফালে, শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক কুর্মিয়ে কয় যে অখিল গগৈ বা ৰাইজৰ দল সমষ্টিটোত কোনো ফেক্টৰেই নহয়। অখিল গগৈৰ সাহস থকা হ'লে তেওঁ সমষ্টিটোৰ আটাইকেইটা জিলা পৰিষদতে প্রার্থী দিব লাগিছিল। প্রসংগক্রমে কুর্মিয়ে কয় যে অখিল গগৈৰ ঘৰ মৰিয়নি সমষ্টিত হ'ব পাৰে। কিন্তু তেওঁ মৰিয়নি সমষ্টিত জিকিব নোৱাৰে। মৰিয়নি সমষ্টিক লৈ অখিল গগৈয়ে আকাশত চাং পাতি আছে। সেয়া কেতিয়াও সম্ভৱ নহয় বুলিও বিধায়কজনে লগতে কয়। অখিল গগৈক কটাক্ষ কৰি কুমিয়ে কয়- 'মই ৰূপজ্যোতি কুমিয়ে মৰিয়নি সমষ্টিত ইমান বছৰে মাৰ্বল গুটি বা টাং গুটি খেলি থকা নাই। দিনে-ৰাতিয়ে কষ্ট কৰি আছোঁ। ৰাইজৰ বাবেহে ৰাজনীতি কৰি আছোঁ। সমষ্টিটোত মই হাল বাই খেতি কৰিম আৰু ধান পকাৰ সময়ত বেলেগে ধান নিবলৈ আহিব, সেয়া কেতিয়াও হ'ব নোৱাৰে।' এই নির্বাচনী প্ৰচাৰ অভিযানত ৰূপজ্যোতি কুৰ্মিৰ সৈতে মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া, মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি ৰীতা উৰাং আদিৰ লগতে বিজেপিৰ নেতৃত্বই অংশ লয়।