ডিজিটেল ডেস্ক: কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ নাৰ্ছিংহ'ম এতিয়া হৈ পৰিছে মৃত্যুদূত স্বৰূপ। মৰাণৰ ব্ৰহ্মপুত্ৰ হস্পিটেল নামৰ ব্যক্তিগত চিকিৎসালয়খনত তেনে কিছু ঘটনাই সংঘটিত হৈছে। যাৰ বাবে কালি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় হস্পিটেলখনত।
মৰাণ নগৰস্থিত ব্যক্তিগত চিকিৎসালয়খনত ভুল চিকিৎসাৰ বাবে এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসালয়খনত কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ গাফিলতিৰ বাবেই প্রসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰি আজি গোর্খা ছাত্ৰ সন্থা আৰু গোর্খা মহিলা পৰিষদে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। মৰাণৰ সমীপৰ হজুৱাৰ ২নং জংঘল ব্লক গাঁৱৰ প্ৰদুম ৰায়ৰ পত্নী কবিতা লিম্বুক সন্তান প্রসৱৰ বাবে ব্ৰহ্মপুত্ৰ হস্পিটেলত ভর্তি কৰোৱা হৈছিল।
যোৱা ৫ মার্চত ডাঃ দেৱজিৎ চাহুৰ তত্ত্বাৱধানত অস্ত্রোপচাৰৰ জৰিয়তে এটি সন্তান প্ৰসৱ কৰাৰ পাছতে প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটে। সংকটজনক অৱস্থাত প্রসূতিগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। চিকিৎসালয়ত মৃত্যুৰে যুঁজি যোৱা ১৮ মার্চত কবিতা লিম্বুৰে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাৰ পাছতে চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ তুলি পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাৰ এটা মাহ উকলি যোৱাৰ পাছতো চিকিৎসক ডাঃ দেৱজিৎ চাহু আৰু ব্ৰহ্মপুত্ৰ নাৰ্ছিংহ'মৰ বিৰুদ্ধে প্রশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰাত কালি গোর্খা ছাত্ৰ সন্থা আৰু গোর্খা মহিলা পৰিষদে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে। অহা ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসক ডাঃ দেৱজিৎ চাহুক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে প্রতিবাদী সংগঠনসমূহে। অন্যথা তীব্র গণতান্ত্রিক আন্দোলনৰ হুংকাৰ দিছে প্রতিবাদকাৰী সকলে।
উল্লেখযোগ্য যে অনুৰূপ ঘটনা যোৱা ২৮ ছেপ্টেম্বৰতো ঘটিছিল। খোৱাঙৰ বিজু দিহিঙীয়াৰ পত্নী সোণালী দিহিঙীয়া নামৰ প্ৰসূতি গৰাকী সন্তান প্ৰসৱৰ বাবে আহি ভুল চিকিৎসাৰ ফলত মৃত্যু হৈছিল। ঘটনাৰ অভিযোগ একেজনেই চিকিৎসক ডাঃ দেৱজিৎ চাহু। বিজু দিহিঙীয়ায়ো চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। কিন্তু আজিও কোনো ব্যৱস্থা গ্রহণ কৰা নাই চিকিৎসকজনৰ বিৰুদ্ধে।