ডিজিটেল ডেস্ক : আলফা (স্বা) আৰু মণিপুৰী বিদ্রোহী সংগঠনৰ ম্যানমাৰস্থিত শিবিৰত যোৱা ১৩ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ড্র'ন আক্রমণত আলফা নেতা কর্নেল প্রদীপ অসম ওৰফে অকণ গগৈ জীৱিত থকাৰ কথা বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে নিশ্চিত কৰিছে আলফাই (স্বা)। তেওঁৰ সলনি ছিপাঝাৰৰ ভাস্কৰ নাথ ওৰফে টিকেন্দ্ৰ অসম নামৰ যুৱকজনহে যে ড্র'ন আক্রমণত নিহত হৈছে সেয়া বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰি সংগঠনটোৱে এই কথা নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে ঘটনাৰ চাৰিদিন পাছত কালি আলফাই (স্বা) ম্যানমাৰস্থিত শিবিৰত সংঘটিত ভয়াৱহ ড্র'ন আক্ৰমণৰ ধ্বংসলীলা আৰু নিহত তিনি নেতা-সদস্যৰ ফটোসহ ভিডিঅ' ৰাজহুৱা কৰে। উল্লেখযোগ্য যে যোৱা ১৩ জুলাইৰ পুৱতি নিশা ২ বজাৰ পৰা বিয়লি ২ বজালৈকে ম্যানমাৰস্থিত আলফা (স্বা) আৰু মণিপুৰৰ পি এল এসহ আৰ পি এফৰ শিবিৰত মুঠ চাৰিবাৰ ড্ৰ'ন আৰু মিছাইল আক্রমণ সংঘটিত হৈছিল। আলফাই এই আক্রমণ ভাৰতীয় সেনাই কৰা বুলি দাবী কৰিলেও ভাৰতীয় গৃহ মন্ত্ৰ্যালয়ে এইকথা অস্বীকাৰ কৰিছে। এই পর্যন্ত আক্ৰমণৰ আনুষ্ঠানিকভাৱে কোনেও দায়িত্ব স্বীকাৰ কৰা নাই। কিন্তু এই আক্রমণত আলফাৰ (স্বা) ইষ্টার্ন কমাণ্ড আৰু বেষ্টার্ন কমাণ্ডাৰ আৰাকান, বাকাথাম, হাকি আৰু হৈয়াৎ শিবিৰ ধ্বংস হয়। এই আক্রমণত আলফাৰ তিনিজনকৈ শীর্ষ নেতা আৰু সদস্য নিহত হয়। বৃহস্পতিবাৰে সংগঠনটোৱে আনুষ্ঠানিকভাবে নিহত সতীর্থ আৰু ধ্বংসপ্রাপ্ত শিবিৰসমূহৰ ফটো আৰু ভিডিঅ' ৰাজহুৱা কৰে। আনহাতে ৰাজহুৱা কৰা ফটোত পূর্বে নিহত হোৱা বুলি প্ৰকাশ কৰা চৰাইদেউ জিলাৰ কর্নেল প্রদীপ অসম ওৰফে অকণ গগৈৰ ফটো নাই। তেওঁৰ সলনি ছিপাঝাৰৰ ভাস্কৰ নাথ ওৰফে টিকেন্দ্র অসম নামৰ যুৱকজনৰহে ফটো প্রকাশ পাইছে। লক্ষণীয় যে মাত্র ৪০ দিন পূর্বেহে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল নিহত ভাস্কৰ নাথ। গুৱাহাটীলৈ যাওঁ বুলি ঘৰত কৈ ওলাই অহা যুৱকজন তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল। কিন্তু তেওঁ নিহত হোৱাৰ কথা আলফাই (স্বা) ৰাজহুৱা কৰাৰ পাছতহে পৰিয়ালে তেওঁ যে ইতিমধ্যে বিদ্রোহী সংগঠনটোত যোগদান কৰিছিল সেইকথা গম পায়।
আনহাতে এই আক্রমণত নিহত শীর্ষ আলফা নেতা, সংগঠনটোৰ নিম্ন সদনৰ সভাপতি লেফটেনেন্ট জেনেৰেল নয়ন অসম ওৰফে নয়ন মেধি ওৰফে পাঠক আৰু বিত্ত বিভাগৰ দায়িত্বত থকা গণেশ অসম ওৰফে পূৰ্ণ লাহনৰ মৃতদেহৰ ফটো কালি ৰাজহুৱা কৰে। কালি ৰাজহুৱা কৰা ফটো আৰু ভিডিঅ'বোৰত ১৩ জুলাইত সংঘটিত আক্ৰমণৰ ভয়াৱহতা স্পষ্ট হৈছে। এই ফটো আৰু ভিডিঅ'ত সংগঠনটোৰ বহুকেইটা শিবিৰ সম্পূৰ্ণৰূপে ধ্বংসপ্রাপ্ত হোৱাৰ লগতে শিবিৰত থকা বিভিন্ন সামগ্ৰী ছেদেলি-ভেদেলি হৈ পৰা পৰিলক্ষিত হৈছে। প্রাপ্ত তথ্য অনুসৰি এই আক্রমণত আলফাৰ (স্বা) যোগাযোগ ব্যৱস্থাও অস্থায়ীভাবে বিচ্ছিন্ন হৈ পৰিছিল। ফলত ঘটনাৰ ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰিবলৈ সংগঠনটোক একাধিক দিনৰ প্ৰয়োজন হয়। উল্লেখযোগ্য যে নগালেণ্ড-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লংৱাৰপৰা অৰুণাচল-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাংচ' পাছলৈকে আলফা (স্বা), আৰ পি এফ আৰু পি এল এৰ শিবিৰত উক্ত আক্রমণ সংঘটিত হৈছিল। এই আক্রমণত আলফাৰ (স্বা) অন্য ১৯ জন সদস্যও আহত হোৱা বুলি জানিব পৰা গৈছে।