সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ, অমল গোস্বামী, খনীন্দ্ৰ কুমাৰ ডেকাসহ কেইবাজনো সাংবাদিকক সম্বর্ধনা

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক: 'আমি অতীতক পাহৰি যাব নালাগে, যিয়ে অতীতক অধ্যয়ন কৰিব পাৰে, তেনে জাতিয়ে সমন্বয় ৰক্ষা কৰিব পাৰে। অসমৰ ভাষিক আৰু সাংস্কৃতিক বুনিয়াদ গঠিত হৈছে জনগোষ্ঠীয় সম্পদসমূহেৰে।' 

অসম সাহিত্য সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গুৱাহাটী লক্ষ্মীৰাম বৰুৱা সদনত অসমৰ প্ৰাচীন বানাই জনগোষ্ঠীৰ এক বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰেই কয় অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। তেওঁ লগতে এই বুলিও কয় যে অসম সাহিত্য সভাই অতীতক অধ্যয়ন কৰাৰ পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছে। 

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বানাই উন্নয়ন সমিতিৰ প্রাক্তন সভাপতি সুবিন্দ্র বানাই, উপ-সভাপতি ধৰ্মৰাজ বানাই, সম্পাদক জগেশ্বৰ বানায়ে সাহিত্য সভাৰ এনে উদ্যোগক প্রশংসা কৰাৰ লগতে বানাই জনগোষ্ঠীৰ উন্নয়ন আৰু স্বীকৃতিৰ ক্ষেত্ৰত এনে পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

কালিৰ এই অনুষ্ঠানতে বানাই জনগোষ্ঠীৰ উদ্যোগত দৈনিক জনমভূমিৰ চীফ ৰিপ'ৰ্টাৰ অমল গোস্বামী, প্রাগ নিউজৰ সহযোগী সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকাসহ বহুকেইজন সাংবাদিকক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। বিশেষ সম্বর্ধনা লাভ কৰা সাংবাদিকসকল হ'ল ক্রমে ড° নৰেন হাজৰিকা, নয়ন প্রতিম কুমাৰ, নৱজিত ভাগৱতী, মনোৰঞ্জন বড়ি, লুইত নীল ডন, খালিদজ জামান চৌধুৰী, দীপশিখা ডেকা, দীপ হাজৰিকা, বশিষ্ঠ দেৱ ফুকন, বসন্ত দাস, অতুল কুমাৰ বৰ্মন, অৰিন্দম দাস, অজিত কুমাৰ চহৰীয়া, সঞ্জয় ৰয়, মদন মোহন মহাৰাজ আৰু পংকজ প্ৰতিম বৰা। 

ইফালে, এই অনুষ্ঠানতে সাংবাদিক-শিক্ষক মুন কুমাৰ ডেকাৰ 'বানাই জনগোষ্ঠী : ইতিহাস, সমাজ আৰু সংস্কৃতি' নামৰ গ্ৰন্থখন মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই।

Share This