ডিজিটেল ডেস্ক : দেওবাৰে গোটেই নিশা (স্থানীয় সময়) আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূব ৰাজ্যসমূহৰ মাজেৰে যোৱা ভয়ংকৰ বা-মাৰলীয়ে মিছৌৰীৰ লগতে কেইবাখনো ৰাজ্যত বিধ্বংসী প্ৰভাৱ পেলায়। এই বা-মাৰলীয়ে আমেৰিকাত এতিয়ালৈকে ৩৪জন লোকৰ প্ৰাণ লৈছে।মিছৌৰীতে ১২জন লোকৰ মৃত্যু হৈছে।
আমেৰিকাৰ দক্ষিণ-পূবৰ ৰাজ্যসমূহত প্রচণ্ড বা-মাৰলীয়ে ঘৰ আৰু বাহনসমূহ উৰুৱাই লৈ যায়। কানছাছত ১০০ কিল'মিটাৰ বেগত চলা বা-মাৰলীৰ ফলত উদ্ভৱ হোৱা ধূলিয়ে ৫৫খনতকৈ অধিক বাহন ধ্বংস কৰে। আমেৰিকাৰ মিছিগান, মিছৌৰী আৰু ইলিনইছকে ধৰি সাতখন ৰাজ্যত দেওবাৰে গোটেই নিশা (স্থানীয় সময়) বিধ্বংসী বা-মাৰলীয়ে ধ্বংসলীলা চলায় আৰু ধুমুহাৰ ফলত দুই লাখতকৈ অধিক ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ ৰাজ্যসমূহ অন্ধকাৰত ডুব যায়। ৰাজ্যকেইখনত ২,৫০,০০০তকৈ অধিক সা-সম্পত্তি নষ্ট হয়।
এই বা-মাৰলীয়ে (টৰনেড') আমেৰিকাৰ পূবৰ ৰাজ্য লুইছিয়ানা, পশ্চিমৰ জর্জিয়া আৰু পশ্চিম ফ্লৰিডালৈ অহাৰ সম্ভাৱনা আছে। মিছিছিপি ৰাজ্যত এই বা-মাৰলীত ৬জন লোকৰ মৃত্যু হৈছে। ইফালে আৰাকানছাছত প্রতি ঘণ্টাত ১০০ কিলমিটাৰ বেগত অহা বা-মাৰলীয়ে অভিলেখৰ সৃষ্টি কৰে। আমেৰিকাৰ দক্ষিণ-পূব ৰাজ্যসমূহৰ পৰা ক্ৰমাৎ এই বা-মাৰলীয়ে মধ্য মিছিছিপি আৰু পূব লুইথিয়ানালৈ অগ্ৰসৰ হোৱাত অঞ্চলসমূহত আকস্মিক বানৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰীয় বতৰ সেৱাই আকস্মিক বানৰ বাবে ৰাজ্যসমূহলৈ সতর্কতা জাৰি কৰিছে। এই বা-মাৰলীয়ে আমেৰিকাৰ ১০ কোটি লোকক প্ৰভাৱিত কৰিছে।