কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ঘোষণা, সমগ্র দেশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলাব অভিযান

dainik janambhumi January 11, 2026

ডিজিটেল ডেস্ক: দেশক অহা বছৰৰ ভিতৰত নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্ত কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে প্রকাশ কৰা মতে, সমগ্র দেশত অহা ৩১ মাৰ্চৰ পৰা তিনি বছৰৰ এক অভিযান চলোৱা হ'ব আৰু ইয়াৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 

শুকুৰবাৰে নার্কো কো-অর্ডিনেশ্যন চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিয়া ভাষণত শ্বাহে কয় যে এই সমূহীয়া অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্যৰ অপব্যহাৰৰ বিৰুদ্ধে লক্ষ্য নির্ধাৰণ কৰি ব্যৱস্থা গ্রহণ কৰা হ'ব। ইয়াৰ লগতে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে ইয়াৰ সমীক্ষাও কৰা হ'ব। গৃহ মন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি দেশক মাওবাদী সন্ত্রাসবাদৰ পৰা মুক্ত কৰাৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমাৰ অন্ত পৰাৰ লগে লগে, অৰ্থাৎ ৩১ মাৰ্চৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব। 

ড্ৰাগছৰ সমস্যাৰ মোকাবিলা কৰাৰ কাৰণে ৩১ মাৰ্চৰ ভিতৰত ৰূপৰেখা তৈয়াৰ কৰাৰ এক নিৰীক্ষণ তন্ত্র স্থাপন কৰা আৰু ইয়াত সম্পূৰ্ণৰূপে মনোযোগ দিয়াৰ বাবে সকলো বিভাগক নির্দেশ দিয়ে শ্বাহে। তেওঁ কয়, 'অহা তিনি বছৰত সমগ্ৰ দেশতে চৌদিশৰ পৰা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু ভাৰতক নিচামুক্ত কৰিব লাগিব। ইয়াৰ লগতে দেশৰ যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা বচোৱাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাব লাগিব। তেওঁ কয়, 'অহর্নিশে সজাগতাই আমাক সুৰক্ষিত কৰি ৰাখিব।' তেওঁ কয় যে চৰকাৰৰ নীতি স্পষ্ট আৰু সেয়া হ'ল নিচাযুক্ত দ্ৰব্যৰ প্ৰস্তুত কৰা বা বিক্ৰী কৰাসকলৰ বিৰুদ্ধে কোনোধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব। 

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সকলো
বিভাগে ২০২৯ চনলৈকে ৰূপৰেখা প্রস্তুত কৰিব লাগে আৰু ইয়াক কাৰ্যকৰী কৰাৰ কাৰণে নিৰ্ধাৰিত সময়ত সমীক্ষাৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে, সকলো ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধানসকলক নিজৰ ৰাজ্যৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। শ্বাহে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সকলো ক্ষেত্ৰতে বিশ্বৰ ভিতৰত প্ৰথম কৰি তোলাৰ লক্ষ্য লৈছে। সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আমি দেশৰ যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰিব লাগিব। তেওঁ কয় যে ২০০৪-২০১৩ সময়ছোৱাত দেশত ৪০ হাজাৰ কোটি টকা মূল্যৰ ২৬ লাখ কিল'গ্রাম ড্রাগছ জব্দ কৰা হৈছিল, কিন্তু ২০১৪ চনৰ পৰা ২০২৫ লৈ প্রায় ১.৭১ লাখ কোটি টকা মূল্যৰ ১.১১ লাখ কিল'গ্রাম নিচাযুক্ত দ্রব্য জব্দ কৰা হৈছে।

Share This